/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/0f032a18-acc9-42f1-9806-2f0182dccf3c/tihu_30.jpg)
tihu
ডিজিটেল সংবাদ নলবাৰী: ১ ছেপ্টেম্বৰৰপৰা ৩০ ছেপ্টেম্বৰলৈ সমগ্ৰ ভাৰতবৰ্ষতে পালিত ৰাষ্ট্ৰীয় পোষণ মাহ নলবাৰী জিলাৰ টিহুত সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ টিহুৰ বিভিন্ন অঞ্চলতো নানা কাৰ্যসূচীৰে পালন কৰা হয় । টিহু নগৰত ৩০ ছেপ্টেম্বৰত এমাহ জোৰা এই অনুষ্ঠান আনুষ্ঠানিকতাৰে সামৰা হয় ।
এই উপলক্ষে কাৰ্যালয়টোৰ সভাঘৰত টিহু আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক সঞ্জীৱ দাসৰ সভাপতিত্বত এখন মুকলি সভা হয় । এই সভাত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই বিশিষ্ট অতিথি হিচাপে ভাগ লয় ।
ভাষণ প্ৰসংগত তেওঁ অংগনাবাডী কেন্দ্ৰৰ কৰ্মী–সহায়িকাসকলে শিশুসকলক স্বাভিমানেৰে সেৱা কৰা বিষয়টোক বাৰুকৈয়ে প্ৰশংসা কৰে । সভাত টিহু সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া মাধুৰী দাসে পোষণ মাহৰ তাৎপৰ্য্য ব্যাখ্যা কৰে ।
কেন্দ্ৰ পৰিদৰ্শক লাৱণ্য ৰাভা, চিত্ৰা ব্ৰহ্ম, নীলিমা দাস, ভাৰতী মেধি, ময়ূৰী বৰ্মনৰ বিশেষ পৰিকল্পনাৰে আয়োজিত এই অনুষ্ঠানত অংগনৱাডী কৰ্মী মাখনী ঠাকুৰীয়া, অৰ্পণা দাস, ফুলকুমাৰী দাস, সৰস্বতী চৌধুৰী আৰ পূৰ্ণিমা বৰ্মনে পোষণ বিষয়ক ওজাপালি পৰিৱেশনন কৰি অনুষ্ঠানটোক অনন্য মাত্ৰা প্ৰদান কৰে ।
বিভাগটোৰ কৰ্মচাৰী নিশাশ্ৰী হালৈ, স্মিতমপ্ৰকাশ দত্তৰ সহযোগিতাৰে সম্পন্ন এই সভাখনত অংগনৱাডী কৰ্মী চাৰু দেৱী, অলকা কলিতা আৰু অৰ্পণা দাসে পোষণ মাহত হোৱা অভিজ্ঞতা সন্দৰ্ভত মত প্ৰকাশ কৰে । অনুষ্ঠানত নানা গীত–পদো গোৱা হয় । সভাৰ পূৰ্বে অংগনাবাডী কেন্দ্ৰৰ কৰ্মী–সহায়িকা আৰু প্ৰকল্পটোৰ বিষয়া কৰ্মচাৰীসকলে নগৰখনত পোষণ সজাগতা শোভাযাত্ৰা উলিয়ায়
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us