/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/368hwc58/28a2c5ce-9a95-4755-bc5b-74d97ca0ae86.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ উদ্যোগত আৰু উদযাপন সমিতিৰ সহযোগত ডিফু ক্লাবত শুক্ৰবাৰে দিনজোৰা কাৰ্যসূচীৰে 'ভাষা গৌৰৱ উৎসৱ ২০২৪'ৰ বহুভাষিক কবি সন্মিলনখনৰ সফল সামৰণি পৰে। কাৰ্বি আংলং জিলাৰ হাওৰাঘাট, বকলীয়াঘাট, বোকাজান, মাঞ্জা, ডিফু, লাংহিনকে ধৰি কেইবা ঠাইৰ পৰা অহা বিশিষ্ট কবিসকলে অংশগ্ৰহণ কৰি অসমীয়া, বঙালী, বড়ো, কাৰ্বি, তিৱা আৰু ডিমাছা জনগোষ্ঠীয় ৭৫ গৰাকী কবিয়ে নিজস্ব ভাষাত কবিতা পাঠ কৰে ।
অনুষ্ঠানত কবিতা পাঠ কৰা বিশিষ্ট কবিসকলৰ ভিতৰত ক্ৰমে হাংমিজি হাঞ্চে, হাৰ্ভে কাথাৰ, ভৱেন বৰুৱা, দিপালী আমফি, মঞ্জু হাজৰিকা, ড° কাডমবিনি তেৰাংপী, ভৱপ্ৰসাদ দেউৰী, গীতা হাঞ্চেপী, শৰৎ পাটৰ, ৰূপালী বসুমতাৰী, পংকজ ডেকা, ড° মনালিছা ৰংপিপী, জয়ছিং টকবি, দদেৰে মাইনাও ব'ৰ, এজাং ৰাজ ৰাজ, ধৰ্মেন্দ্ৰ খাখলাৰী, গোপাল থাউচেন, মিলজা বসুমতাৰী, কল্পনা বৰা, গৌতম ৰয়, প্ৰভাত দাৰফাং, বিদ্যাৰাম ছিংনাৰ আদিৰ নাম উল্লেখযোগ্য।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/ila87006/f8cfe9ff-3b47-41fa-86bb-cba1def83a78.jpg)
সন্মিলনখন উদ্বোধন কৰে কাৰ্বি আংলং জিলা আয়ুক্ত নিৰলা ফাংচ'পীয়ে । কবি সন্মিলনখন সঞ্চালনা কৰে কাৰ্বি আংলং জিলা কবি সন্মিলনৰ সভাপতি ছাৰএৎ হাঞ্চে । সভাত উদযাপন সমিতিৰ সভাপতি কামছিং হাঞ্চে, কাৰ্যকৰী সভাপতি সঞ্জু বৰা আৰু জিলা অতিৰিক্ত উপ আয়ুক্ত অংকিতা বৰা উপস্থিত থাকে ।
Also Read: ইনাৰ হুইল ক্লাৱৰ উদ্যোগত অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত গীত- মাতৰ অনুষ্ঠান