/asomiyapratidin/media/media_files/2025/07/13/390-2025-07-13-12-56-34.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ চামধৰা ৰাজ্যিক পশু চিকিৎসালয় চৌহদত দেওবাৰে পদ্মপুৰ মিলিজুলি সংঘৰ উদ্যোগত উত্তৰ নদুৱাৰ মণ্ডল যুৱমৰ্চা আৰু ছিলাবন্ধা পঞ্চায়তৰ সহযোগত পৰিবেশ নিকাকৰণ ও গছপুলি ৰোপণ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় ৷ এই উপলক্ষে সংঘৰ বিষয়ববীয়া সদস্যৰ লগতে যুৱমৰ্চা আৰু পঞ্চায়ত সদস্যসকলে পুৱাই চামধৰাৰ পশু চিকিৎসালয় চৌহদত চাফাই অভিযান চলায়।
তাৰোপৰি মূল্যৱান গছৰ পুলি ৰোপনৰ ব্যৱস্থা কৰে। উক্ত কাৰ্য্যসুচীৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই । বিধায়ক হাজৰিকাই এটি মূল্যৱান গছৰ পুলি ৰোপনৰ জৰিয়তে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে ৷
ইয়াৰ পিছতে অনুষ্ঠিত অনুষ্ঠানৰ ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে কয় যে, গছপুলি ৰোপণ এক মহৎ কাৰ্য্য ৷ গছ থাকিলেহে মানুহ থাকিব ৷ আমি প্ৰত্যেকেই নিজৰ নিজৰ ঘৰৰ চৌহদত গছপুলি ৰোপণ কৰাটো প্ৰয়োজন ৷
গছৰ পুলি কেৱল ৰুলেই নহ'ব, আমি এই গছৰ পুলিক নিজৰ সন্তানৰ দৰেই লালন পালন কৰিবও লাগিব। অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে পশু চিকিৎসা বিষয়া ডা০ মাধুৰিমা ভাজুনি, নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ উপ সভানেত্ৰী মামনি শইকীয়া, যুৱ মৰ্চাৰ সভাপতি ভাস্কৰ শইকীয়া, মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ সদস্য ৰাজু চিন্তে আৰু ধলাইবিল ক্ৰীড়া সন্থাৰ সভাপতি বুলু আহমেদে ৷