বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউত চাফাই অভিযান…

আঞ্চলিক সমিতিখনৰ কৰ্মকৰ্তা দ্বীপ সন্দিকৈ আৰু সুকল্যাণ কোঁৱৰৰ নেতৃত্বত ৰূপায়িত হোৱা এই কাৰ্যসূচীত আটাছুৰ কৰ্মীসকলৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
Cleaning drive in Charaideo

Cleaning drive in Charaideo

ডিজিটেল সংবাদ, চৰাইদেউ : বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউত বৃহস্পতিবাৰে এক চাফাই অভিযান কাৰ্যসূচী ৰূপায়িত হয়। উল্লেখযোগ্য যে, মৈদামক্ষেত্ৰৰ সন্মুখত থকা মুকলি পথাৰত সদ্য অনুষ্ঠিত চৰাইদেউ মহোৎসৱ উদযাপনথলীত আটাছুৰ ছ্যুকাফা আঞ্চলিক সমিতিৰ উদ্যোগত আজি পুৱা এই চাফাই অভিযান কাৰ্যসূচী ৰূপায়িত হয়। 

আঞ্চলিক সমিতিখনৰ কৰ্মকৰ্তা দ্বীপ সন্দিকৈ আৰু সুকল্যাণ কোঁৱৰৰ নেতৃত্বত ৰূপায়িত হোৱা এই কাৰ্যসূচীত আটাছুৰ কৰ্মীসকলৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। ইফালে চৰাইদেউ মহোৎসৱ উদযাপন সমিতিয়েও মহোৎসৱ উদযাপনথলীত চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰাৰ প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে।

charaideo