/asomiyapratidin/media/media_files/2025/06/23/224-2025-06-23-14-13-51.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ ধলাইবিল চেন্টাৰ ব্যৱসায়ী সন্থাৰ উদ্যোগত ধলাইবিল উন্নয়ন সমিতিৰ সহযোগত সোমবাৰে ধলাইবিল কেন্দ্ৰত এক চাফাই অভিযান ও গছপুলি ৰোপন কাৰ্য্যসূচী ৰপায়ন কৰা হয় ৷ পুৱাৰে পৰাই “ধলাইবিল চেন্টাৰ ব্যৱসায়ী সন্থাৰ” সদস্যসকলে হাতে হাতে দা -কোৰ লৈ ধলাইবিল কেন্দ্ৰৰ সমগ্ৰ চৌহদৰ পৰিবেশ নিকাকৰণ ব্যৱস্থা কৰি এক চাফাই অভিযান চলায় ৷
ইয়াৰ পিছতে ধলাইবিল কেন্দ্ৰত ৰোপন কৰিবলৈ লোৱা এশজোপা মূল্যৱান গছৰ পুলি ৰোপনৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰি গছপুলি ৰোপণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ অন্যান্য গছপুলিসমূহ ৰোপনত সহযোগ কৰে ক্ৰমে জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীত বৰা,অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক নিতুমনি বৰা,যুৱ সমাজকৰ্মী বুলু আহমেদ,দিব্যজ্যোতি হাজৰিকা,পূৰ্ণ হাজৰিকা ,মানস হতজৰিকা ,আংকুৰ হাজৰিকা, নয়নজ্যোতি হাজৰিকা,আব্দুল জলিল, ওচমান আলি আদিৰ লগতে ব্যৱসায়ী সন্থাৰ সদস্যসকলে ৷
বিধায়ক পদ্ম হাজৰিকাই ধলাইবিল চেন্টাৰ ব্যৱসায়ী সন্থাৰ প্ৰশংসনীয় পদক্ষেপক আদৰণী জনোৱাৰ লগতে ব্যৱসায় কেন্দ্ৰটোক আটকধুনীয়াকৈ নতুন ৰূপত সজাই পৰাই তুলিবলৈ সন্থাক আহবান জনায় ৷ বিধায়কগৰাকীয়ে ব্যৱসায়ী সন্থাৰ় সদস্যসকলৰ লগতে স্থানীয় ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ধলাইবিল কেন্দ্ৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত শীঘ্ৰে যাত্ৰীৰ জিৰণি চ'ৰা আৰু অত্যাধুনিক শৌচাগাৰ প্ৰস্ৰাৱাগাৰ নিৰ্ম্মান কৰি দিয়াৰ কথা ঘোষণা কৰে ৷