/asomiyapratidin/media/media_files/2025/03/30/5xi5jPFQLu18E6cP3yfn.jpg)
ডিজিটেল সংবাদ, মাজুলী : ঐতিহ্যমণ্ডিত উত্তৰ কমলাবাৰী সত্ৰৰ বিশিষ্ট শিল্পী উপেন বৰা বৰগায়নৰ উদ্যোগত দেওবাৰে মাজুলীৰ উচ্চ শিক্ষাৰ প্ৰথম অনুষ্ঠান মাজুলী মহাবিদ্যালয়ৰ সৌজন্যত এক ধ্ৰুপদী সংগীতানুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ কেশৱৰাম বৰা প্ৰেক্ষাগৃহত বিয়লি ৩-০০ বজাৰ পৰা অনুষ্ঠিত সংগীতানুষ্ঠানটিৰ আৰম্ভণিতে শিল্পী উপেন বৰা বৰগায়নে সকলোকে আদৰণি জনায়।
শিল্পী প্ৰদ্যুৎ মিশ্ৰ, দ্বীপেন শৰ্মা, ঋষিকেশ শৰ্মা আৰু অধ্যক্ষ ড০ দেৱজিৎ শইকীয়াক আয়োজকসকলৰ তৰফৰ পৰা অংগবস্ত্ৰেৰে সম্বৰ্ধনা জনোৱা হয়। শিল্পী তীৰ্থ ভূঞা বৰগায়নে আঁত ধৰা অনুষ্ঠানটি উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিৎ শইকীয়াই।
অধ্যক্ষ ডঃ শইকীয়াই কয়, “সংগীতৰ সাধনাই মানুহক সুখী কৰে। শৰীৰ আৰু মনৰ উৎকৰ্ষ সাধনৰ যোগেদি সংগীত সাধনাই মানুহক যি সুখ দিব পাৰে তাৰ তুলনা নাই।”
আজিৰ অনুষ্ঠানটিত অসমৰ প্ৰথিতযশা সংগীত শিল্পী প্ৰদ্যুৎ মিশ্ৰই ধ্ৰুপদী ৰাগত খ্যাতিসম্পন্ন শিল্পী দ্বীপেন শৰ্মাৰ বেহেলা বাদন আৰু ঋষিকেশ শৰ্মাৰ তবলাৰ সুৰত কণ্ঠ সংগীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। অনুষ্ঠানত শিল্পী তথা শিক্ষাবিদ কৰুণা বৰা, ভবেন বৰবায়ন, যোগেন দত্ত বৰগায়ন, মথুৰা হাজৰিকা, সাংবাদিক দীপু বৰা, সমাজকৰ্মী তিলক ৰাজখোৱা, সাংস্কৃতিক কৰ্মী ধ্ৰুৱজ্যোতি বৰা, মুন দত্ত, গোলাপ বৰুৱা, পাপুল শইকীয়া, নিৰঞ্জন শইকীয়া বৰবায়ন, হেমন্ত সত্ৰীয়া হাজৰিকা, পৰমা গায়ন, জুমন বৰা, ৰক্তিম ৰঞ্জন নাথ, প্ৰশান্ত পায়েং প্ৰমুখ্যে ডেৰ শতাধিক শিক্ষাৰ্থী উপস্থিত থাকে। শেষত আয়োজকমণ্ডলীৰ হৈ শলাগ জ্ঞাপন কৰে শিল্পী তীৰ্থ ভূঞা বৰগায়নে।