মুখ্যমন্ত্ৰীৰ টুইট: ১৮ অক্টোবৰত ঘোষণা হ'ব চতুৰ্থ বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষাৰ ফলাফল

: ১৮ অক্টোবৰত ঘোষণা হ'ব চতুৰ্থ বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষাৰ ফলাফল

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

dangor kotha

ডিজিটেল ডেস্ক: কাতি বিহুতে আহিব ভাল খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ হেণ্ডেলত দিলে এই খবৰ। চতুৰ্থ বৰ্গৰ চাকৰি নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল দিব ১৮ অক্টোবৰ অৰ্থাৎ কাতি বিহুৰ দিনা।

Advertisment

মুখ্যমন্ত্ৰীয়ে এই কথা সদৰি কৰি লিখিছে- এই স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াই ৰাজ্যক বহু সহস্ৰাধিক যুৱকক সেৱা কৰাৰ সুবিধা প্ৰদান কৰিব।

২৫ খন জিলাত চতুৰ্থ বৰ্গৰ চাকৰি নিযুক্তিৰ বাবে ২১ আগষ্ট ২০২২ ত এই পৰীক্ষা অনুষ্ঠিত হৈছিল। ৪ লাখ ৪৩ হাজাৰ ৬৫৫ গৰাকী পৰীক্ষা অৱতীৰ্ণ হৈছিল পৰীক্ষাত। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ লগতে ইন্টাৰনেট কৰ্তন কৰি এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল।

assam himanta biswa sarma