পথ নিৰ্মাণক কেন্দ্ৰ কৰি মণিপুৰ আৰু নাগালেণ্ডৰ দুখন গাঁৱৰ মাজত সংঘৰ্ষ : চাৰিজন আহত

এটা পথ নিৰ্মাণক কেন্দ্ৰ কৰি মণিপুৰ আৰু নাগালেণ্ডৰ দুখন গাঁৱৰ মাজত বিগত কিছুদিন ধৰি সংঘৰ্ষ অব্যাহত আছে। ইতিমধ্যে এই ঘটনাত চাৰিজন লোক আহত হৈছে । 

author-image
Asomiya Pratidin
New Update
তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...

ডিজিটেল সংবাদ, বেকাজান : এটা পথ নিৰ্মাণক কেন্দ্ৰ কৰি মণিপুৰ আৰু নাগালেণ্ডৰ দুখন গাঁৱৰ মাজত বিগত কিছুদিন ধৰি সংঘৰ্ষ অব্যাহত আছে। ইতিমধ্যে এই ঘটনাত চাৰিজন লোক আহত হৈছে । 

Advertisment

জানিব পৰা মতে নাগালেণ্ডৰ কিফিৰে আৰু মেলুৰী জিলাৰ সীমান্তৱৰ্তী দুখন গাঁৱৰ বাসিন্দাৰ মাজত এপ্ৰ’চ ৰোড নিৰ্মাণক লৈ সংঘাতৰ সূত্ৰপাত  হয়। ইফালে নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী য়ান্থুংগো পেটনে এই সংঘাতৰ সন্দৰ্ভত কয় যে দুখন গাঁৱৰ মাজত বিবাদ দুৰ্ভাগ্যজনক। এনেধৰণৰ ঘটনাই কেৱল শান্তি বিঘ্নিত কৰাই নহয়, আমাৰ জনগোষ্ঠীসমূহক একত্ৰিত কৰি ৰখা বান্ধোনৰো ক্ষতি কৰে। 

গাঁওবাসীক সংঘাত নহয়, আলোচনাৰ জৰিয়তে বিবাদ নিষ্পত্তি কৰিবলৈ পৰামৰ্শ দিয়ে তেওঁ । নাগালেণ্ডৰ কিফিৰে আৰু মেলুৰী জিলাৰ বিষয়াসকলে জনোৱা মতে, সংঘাত – আহত চাৰিজনৰ ভিতৰত এজনক গুলীয়াই আহত কৰে।

bekajan