মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত সেনা- উগ্ৰপন্থীৰ সংঘৰ্ষ

এতিয়াও সুস্থিৰ নহয় চুবুৰী ৰাজ্য মণিপুৰৰ পৰিস্থিতি। অতি শেহতীয়াকৈ ৰাজ্যখনৰ ভাৰত- ম্যানমাৰ সীমান্তৱৰ্তী এলেকাত সংঘটিত হৈছে এক ভয়াৱহ সংঘৰ্ষ। 

author-image
Asomiya Pratidin
New Update
মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত সেনা- উগ্ৰপন্থীৰ সংঘৰ্ষ

মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত সেনা- উগ্ৰপন্থীৰ সংঘৰ্ষ

ডিজিটেল ডেস্ক : এতিয়াও সুস্থিৰ নহয় চুবুৰী ৰাজ্য মণিপুৰৰ পৰিস্থিতি। অতি শেহতীয়াকৈ ৰাজ্যখনৰ ভাৰত- ম্যানমাৰ সীমান্তৱৰ্তী এলেকাত সংঘটিত হৈছে এক ভয়াৱহ সংঘৰ্ষ। 

ঘটনাৰ বিৱৰণী অনুসৰি, চোৰাংচোৱাৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত বুধবাৰে বিয়লি উগ্ৰপন্থীৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ ইষ্টাৰ্ৰণ কামাণ্ড আৰু আসাম ৰাইফলছে চলাইছিল যুটীয়া অভিযান। এই অভিযানৰ অংশস্বৰূপে সীমান্তৱৰ্তী এলেকাৰ অন্তৰ্গত চাণ্ডেল জিলাত ভাৰতীয় সেনা- আসাম ৰাইফলছ আৰু উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ সূত্ৰপাত হয়। 

দুয়ো পক্ষৰ মাজত কিছু সময় ধৰি চলা এই সংঘৰ্ষৰ ফলত ভাৰতীয় সেনাৰ গুলীত উগ্ৰপন্থী গোটৰ ১০ গৰাকী সদস্য নিহত হয়। তাৰোপৰি এই অভিযানত ভাৰতীয় সেনাই বহু অস্ত্ৰ- শস্ত্ৰও উদ্বাৰ কৰিবলৈ সক্ষম হৈছে।

মণিপুৰ