দেশৰ অধিকাংশ লোকে ন্যায়ালয়ৰ কাষ নাচাপে , মুখ্য ন্যায়াধীশ এন ভি ৰামান্না…

দেশৰ অধিকাংশ লোকে ন্যায়ালয়ৰ কাষ নাচাপে , মুখ্য ন্যায়াধীশ এন ভি ৰামান্না…

author-image
asomiyapratidin
New Update
দেশৰ অধিকাংশ লোকে ন্যায়ালয়ৰ কাষ নাচাপে , মুখ্য ন্যায়াধীশ এন ভি ৰামান্না…

ডিজিটেল ডেস্ক : শনিবাৰে অনুষ্ঠিত হোৱা প্ৰথম সৰ্বভাৰতীয় আইনী সেৱা কৰ্তৃপক্ষৰ বৈঠকত সমল ব্যক্তি হিচাপে উপস্থিত থাকে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্না ।

Advertisment

উক্ত বৈঠকত উপস্থিত থাকি দেশৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে ন্যায় ব্যৱস্থা সন্দৰ্ভত মন্তব্য কৰি কয় যে, "দেশৰ অতি কম সংখ্যক লোকেহে ন্যায় বিচাৰি আদালতৰ কাষ চাপে । অধিকাংশ দেশৰ জনতাই সজাগতা আৰু প্ৰয়োজনীয় সুবিধাৰ অভাৱত ন্যায়ালয়ৰ কাষ নাচাপি নিৰৱে থাকে । জনতাক সক্ষম কৰাত প্ৰযুক্তিয়ে এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । তেওঁ ন্যায়পালিকাক ন্যায় প্ৰদানৰ গতি অনাৰ ক্ষেত্ৰত প্ৰযুক্তিক আহিলা হিচাপে লৈ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।"

উল্লখ্য যে , এই বৈঠকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ  বিগত ৮ টা বছৰত কেনেদৰে দেশৰ ন্যায় ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰা হৈছে,ইয়াৰ ওপৰিও ই-আদালত ব্যৱস্থাৰ দ্বাৰা যানবাহন আইন উলংঘাৰ দৰে অপৰাধ সমূহৰ ক্ষেত্ৰত কেনেদৰে আদালতে ২৪ ঘন্টাৰ ভিতৰত কাম কৰিছে এই কথা উল্লেখ কৰে ।

আৰু পঢ়ক : উত্তৰাখণ্ডত বিজেপিৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি মদন কৌশিকক ….

CJI NV Ramana pm modi india