/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e3ef2353-1005-430d-b871-93030765b06b/5dee1828-5d17-4524-b35b-7a970069fc81.jpg)
ডিজিটেল ডেস্কঃ কোনো ভিত্তি-যুক্তি তথা বিশেষ গ্ৰহণযোগ্যতা নথকা ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰি আদালতৰ সময় অবাবতে নষ্ট কৰা অধিবক্তাক ধমক দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ। শেহতীয়াকৈ এক শুনানি প্ৰক্ৰিয়াত এগৰাকী অধিবক্তাক ধমক দি ভৱিষ্যতে এনে কাম কৰিলে জৰিমনা বিহাৰ কথাও কও মুখ্য ন্যায়াধীশগৰাকীয়ে।
অতি শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ত এগৰাকী অধিবক্তাই দাখিল কৰিছিল এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন। উক্ত আবেদনৰ শুনানি প্ৰক্ৰিয়া গ্ৰহণ কৰি সকলো নথি-পত্ৰ পৰীক্ষা কৰি ন্যায়াধীশগৰাকীয়ে দেখে যে কোনো বিশেষ যুক্তি-ভিত্তি আৰু গ্ৰহণযোগ্যতা নাই উক্ত আবেদনৰ।
শুনানি প্ৰক্ৰিয়াৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে কিহৰ ভিত্তিত এই আবেদন এনেদৰে আদালতত দাখিল কৰা হৈছে বুলি প্ৰশ্ন কৰে অধিবক্তাজনক। অধিবক্তাগৰাকীয়ে নিজৰ পক্ষ ৰাখি কয় যে, নিঠাৰী হত্যাকাণ্ডক লৈ এই আবেদনখন দাখিল কৰা হৈছে।
সেই মূৰ্হুততে অধিবক্তাগৰাকীক ধমক দি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে, এই আবেদনখনত পতিয়ন যাব পৰাকৈ কোনো ভিত্তি আৰু যুক্তিয়েই নাই। আপুনি প্ৰতি সপ্তাহতে এনে অনৰ্থক আবেদন দাখিল কৰি আদালতৰ সময় নষ্ট কৰে। পুনৰ যদি এনে কাম কৰে তেন্তে আপোনাক জৰিমনা বিহা হব।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বেও এগৰাকী অধিবক্তাক এনে কাম কৰাৰ বাবে মুখ্য ন্যায়াধীশগৰাকীয়ে ৫লাখ টকাৰ জৰিমনা বিহিছিল।