/asomiyapratidin/media/media_files/2025/06/04/CyKWVRj6tM8S6iYWGfG8.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে অৱসৰৰ শীঘ্ৰে ন্যায়াধীশসকলে চৰকাৰী নিযুক্তি গ্ৰহণ কৰা বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কয় যে ন্যায়াধীশসকলে যদি অৱসৰৰ পিছত চৰকাৰী পদ গ্ৰহণ কৰে বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে সমাজলৈ এক ভুল বাৰ্তা যাবা। এনে সিদ্ধান্তৰ ফলত ৰাইজে ন্যায়পালিকাৰ প্ৰতি বিশ্বাস হেৰুৱাব।
যুক্তৰাজ্যৰ উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হোৱা এক আলোচনাত ভাষণ দি চিজেআই গাভাইয়ে কয় যে, যদি কোনো ন্যায়াধীশে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পদত্যাগ কৰে তেন্তে বহু প্ৰশ্নৰ উত্থাপন হয়। মানুহে অনুভৱ কৰিবলৈ আৰম্ভ কৰে যে ন্যায়পালিকা স্বাধীন নহয়। তেওঁলোকে অনুভৱ কৰে যে ন্যায়াধীশসকলে চৰকাৰৰ সুবিধা ল’বলৈ চেষ্টা কৰিছে।
তেওঁ লগতে কয় যে এনেবোৰ কথাই ন্যায়পালিকাৰ অখণ্ডতাক লৈ প্ৰশ্ন উত্থাপন কৰে। মানুহে অনুভৱ কৰে যে ন্যায়াধীশ সকলে কেৱল ভৱিষ্যতে এটা পদ পাবলৈহে সিদ্ধান্ত দিছিল। উল্লেখ কৰা প্ৰয়োজন যে, এই বিষয়ত নিজৰ মতামত প্ৰকাশ কৰি চি জে আই গাভাই আৰু তেওঁৰ কেবাগৰাকী সহযোগীয়ে সিদ্ধান্ত লৈছে যে অৱসৰৰ পিছত চৰকাৰৰ পৰা কোনো পদ গ্ৰহণ নকৰে।
ন্যায়িক বৈধতা আৰু জনবিশ্বাস বজাই ৰখা বিষয়ত ভাষণ দি গাভাই কয়, ন্যায়পালিকাৰ শক্তি ৰাইজৰ আস্থাৰ পৰাই আহে। ন্যায়পালিকাৰ সততা আৰু নিৰপেক্ষতাৰে কাম কৰিলেহে এই আস্থা বজাই ৰাখিব পৰা যাব। লগতে সংবিধানৰ ৫০ নং অনুচ্ছেদৰো উদ্ধৃতি দিয়ে চিজেআই গাভাইয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us