খড়গপুৰ আই আই টিত ছাত্ৰই ল'লে চৰম সিদ্ধান্ত...

এই ঘটনাৰ ১৩ দিন পূৰ্বে আন এজন ছাত্ৰৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল। বিগত ১২ এপ্ৰিলতো আই আই টি খড়গপুৰত এজন ছাত্ৰৰ মৃত্যু ঘটিছিল। উচ্চশিক্ষাৰ প্ৰতিষ্ঠান আই আই টি খড়গপুৰত পূৰ্বেও ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ ঘটনাই আলোড়ন সৃষ্টি কৰিছিল।

author-image
Asomiya Pratidin
New Update
্িু্িু

ডিজিটেল ডেস্কঃ  ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি) খড়গপুৰৰ চিভিল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰই ল'লে চৰম সিদ্ধান্ত। দেওবাৰে নিজৰ হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় মহম্মদ আছিফ কামাৰ নামৰ ছাত্ৰজনৰ মৃতদেহ। প্ৰাথমিক তদন্তত এয়া আত্মহনন বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

Advertisment

লক্ষ্যণীয় যে, এই ঘটনাৰ ১৩ দিন পূৰ্বে আন এজন ছাত্ৰৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল। বিগত ১২ এপ্ৰিলতো আই আই টি খড়গপুৰত এজন ছাত্ৰৰ মৃত্যু ঘটিছিল। উচ্চশিক্ষাৰ প্ৰতিষ্ঠান আই আই টি খড়গপুৰত পূৰ্বেও ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ ঘটনাই আলোড়ন সৃষ্টি কৰিছিল।

আৰক্ষীৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, মদনমোহন মালৱিয়া হলৰ ছাত্ৰজনৰ কোঠাৰ দুৱাৰখন ভিতৰৰ পৰা তলা লগোৱা আছিল। এগৰাকী মহিলাই কেম্পাছৰ কাৰ্যালয়লৈ ফোন কৰাৰ পিছত আই আই টিৰ এগৰাকী কৰ্মচাৰীয়ে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী পুৱতি নিশা প্ৰায় ৩.৩০ বজাত আই আই টি চৌহদত উপস্থিত হয়। 

আৰক্ষীয়ে আছিফৰ কোঠাৰ দুৱাৰ ভাঙি ছাত্ৰজনক মৃত অৱস্থাত উদ্ধাৰ কৰে। বিহাৰৰ বাসিন্দা ছাত্ৰজনে দেওবাৰে ঘৰলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছিল। তেওঁৰ বেগটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, বিগত ৩ মাহত ৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৱে প্ৰথম শ্ৰেণীৰ শিক্ষানুষ্ঠানখনত স্বাভাৱিকতে ৰহস্যৰ সৃষ্টি কৰিছে । 

আই আই টি খড়গপুৰ আই আই টি