ধূলা কাণ্ডই জোকাৰিছে ৰাজ্যঃ পলাতক দলগাঁৱৰ কাৰ্যবাহী দণ্ডাধীশ, চি আই ডিৰ চমন...

author-image
Asomiya Pratidin
New Update
ধূলা কাণ্ডই জোকাৰিছে ৰাজ্যঃ পলাতক দলগাঁৱৰ কাৰ্যবাহী দণ্ডাধীশ, চি আই ডিৰ চমন...

আশীৰ্বাদ হাজৰিকা

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ দাঁতিকাষৰীয়া লংকেশ্বৰত নিশা চি আই ডিৰ অভিযান। ৰাজ্য কপাই যোৱা আৰতী তুৰীৰ হত্যাকাণ্ডৰ সন্দৰ্ভত চলিছিল এই অভিযান। কাৰ্যবাহী দলগাঁৱৰ দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাৰ বাসগৃহত চলিছিল এই অভিযান।

Advertisment

মঙগলবাৰে নিশা ১০ বজাত আশীৰ্বাদ হাজৰিকাৰ লংকেশ্বৰৰ বাসগৃহত চি আই ডিয়ে চলালে অভিযান। অৱশ্যে এই অভিযানত আশীৰ্বাদ হাজৰিকাক বিচাৰি নাপালে চি আই ডিয়ে।

তেওঁ পলাতক অৱস্থাত আছে। ফলত তেওঁৰ বাসগৃহৰ বাহিৰত লগাইছে এখন জাননী। এই জাননীত কোৱা হৈছে বুধবাৰৰ দিনৰ ১১ বজাৰ ভিতৰত চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ। উল্লেখ্যে যে, চি আই ডিৰ এই অভিযানত সহযোগিতা আগবঢ়ালে জালুকবাৰী আৰক্ষীয়ে।

আশীৰ্বাদ হাজৰিকা আৰতী তুৰী হত্যাকাণ্ড ধূলা কাণ্ড