/asomiyapratidin/media/media_files/2025/07/12/new-ap-web-1-2-2025-07-12-15-19-59.png)
ডিজিটেল সংবাদ,গুৱাহাটীঃ অসমৰ বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাত সিচঁৰিত হৈ থকা অন্যতম বৃহৎ জনগোষ্ঠী চুতীয়া সকলৰ এক অগ্ৰণী অনুষ্ঠান চুতীয়া যুৱ সন্মিলন অসম চমুকৈ "চাইছা"।
আজি এই সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ শীৰ্ষ বিষয়ববীয়া প্ৰমুখ্যে এক প্ৰতিনিধি দল সাদিন-প্ৰতিদিন গোষ্ঠীৰ চানমাৰিস্থিত মুখ্য কাৰ্যালয়ত উপস্থিত হয়।
কেন্দ্ৰীয় সমিতিৰ সভাপতি কৌস্তভ কিশোৰ চুতীয়া,সাধাৰণ সম্পাদক পলাশ হাজৰিকা, সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত হাজৰিকা আৰু শিক্ষা সম্পাদক ভিক্তৰ খনিকৰৰ নেতৃত্বত অহা দলটোৱে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক সাক্ষাৎ কৰে।
অসমৰ জাতীয় তথা জনগোষ্ঠীয় সংগঠন সমূহৰ সাংগঠনিক দিশৰ লগতে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত চমু বাৰ্তালাপত শ্ৰীযুত বৰুৱাৰ সৈতে তেওঁলোক মিলিত হয়।
ইয়াৰ আৰম্ভণিতে চুতীয়া জাতিৰ বীৰাংগনা আই সাধনীৰ এক প্ৰতিচ্ছবি সম্বলিত স্মাৰকৰ উপৰিও গামোছা-চেলেং তেওঁক প্ৰদান কৰি সম্বৰ্ধনাও জনোৱা হয়।
সম্বৰ্ধনা গ্ৰহণ কৰি প্ৰতিদিনৰ সম্পাদক গৰাকীয়ে বৃহৎ চুতীয়া জনগোষ্ঠীৰ উপৰিও সামগ্ৰিকভাৱে অসমৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত অহেতুক প্ৰচাৰমুখী পদক্ষেপৰ পৰিৱৰ্তে দৃঢ় আৰু ফলপ্ৰসু পদক্ষেপ গ্ৰহনৰ ক্ষেত্ৰত সততা আৰু দায়বদ্ধতাৰে আগবাঢ়ি যাবলৈ তেওঁলোকক আহ্বান জনায়।