জনজাতিকৰণৰ দাবীত তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত চুতীয়া ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ...

বি জে পি চৰকাৰ হায় হায়, মিছলীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা মুর্দাবাদ
Chutiya student union Tinisukia
Chutiya student union Tinisukia

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ অসমৰ অন্যতম আদিম ভূমিপুত্ৰ চুতীয়া সকলক জনজাতিৰ মৰ্যদা আৰু ৬ষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীত বুধবোৰে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাই ২ঘণ্টীয়া অবস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদৰ কালচোৱাত সন্থাৰ কৰ্মকৰ্তা সকলে চুতীয়া জনগোষ্ঠীক শীঘ্ৰেই জনজাতিৰ মৰ্যাদা প্ৰদান কৰক, জনজাতি আমাৰ জন্মস্বত্ত্ব অধিকাৰ, চুতীয়াসকলক মান্যতা প্ৰদান কৰক, বি জে পি চৰকাৰ হায় হায়, মিছলীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, জনজাতিকৰণক লৈ নিকৃষ্ট ৰাজনীতি নচলিব' আদি বিভিন্ন শ্ল'গান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে ।

প্ৰতিবাদৰ মাজতে কাৰ্যসূচীত উপস্থিত থকা সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিতু চুতীয়াই বি জে পি চৰকাৰক মিথ্যাচাৰী আৰু জনগোষ্ঠী বিৰোধী আখ্যা দি কয়, চুতীয়াসকলকে ধৰি অসমৰ ৬ জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীৰে সুদীৰ্ঘ দিন ধৰি আন্দোলন কৰি অহাৰ মাজতে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বি জে পি দলে শাসনলৈ আহিলে ৬ জনগোষ্ঠীক জনজাতিকৰণ তেওঁলোকৰ প্ৰাথমিক চৰ্ত হ'ব বুলি প্ৰতিশ্রুতি দিছিল । কিন্তু গাদী দখল কৰি বি জে পি দল তথা চৰকাৰে ওলোটা খৰ মাৰিলে । জনজাতি প্ৰদানৰ নামত বি জে পিয়ে ৰাজনৈতিক মুনাফা লুটিলে ।

পৰিতাপৰ কথাটো হ'ল বি জে পি দলে একেলেঠাৰিয়ে দুবাৰকৈ চৰকাৰ গঠন কৰিলে যদিও জনজাতিকৰণৰ প্ৰসংগটো সম্পূৰ্ণ এৰাই চলিলে বুলি ক্ষোভ ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিকতা আৰু সদিচ্ছাৰ অভাৱৰ বাবে ৬ জনগোষ্ঠীয়ে এইবাৰো জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত নহ'ল বুলি অভিযোগৰ আঙুলি তোলে ।

দেশৰ অন্যান্য ৰাজ্যৰ ১২ জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা লাভ কৰিলে যদিও অসমৰ ৬ জনগোষ্ঠীক বঞ্চিত কৰা কাৰ্যই এইটোৱেই স্পষ্ট কৰে যে কেন্দ্ৰই আজিও অসমক তথা অসমৰ খিলঞ্জীয়াক মাহী আইৰ দৃষ্টিৰে চাই বুলি সাধাৰণ সম্পাদকগৰাকীয়ে দাবী কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in