লামডিং জংচনত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ

লামডিং জংচনত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ

author-image
Asomiya Pratidin
New Update
লামডিং জংচনত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ

ডিজিটেল সংবাদ,লামডিংঃ লামডিং জংচনত আৰক্ষীৰ অভিযান। লামডিং আৰক্ষীয়ে অভিযান চলাই ৰেলৱে জংচনৰ পৰা লক্ষাধিক টকাৰ বাৰ্মিজ চুপাৰি জব্দ কৰে। নামনিমুৱা 22504 নং বিবেক এক্সপ্ৰেছ ট্ৰেইনখনৰ পৰা ১৯ বস্তা বাৰ্মিজ চুপাৰি উদ্ধাৰ কৰে আৰক্ষীয়ে।লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন জ্যোতি বৰাৰ নেতৃত্বত চলাইছিল এই অভিযান।

জব্দাকৃত বাৰ্মিজ চুপাৰিখিনি ডিমাপুৰৰ পৰা বহিঃৰাজ্য লৈ সৰবৰাহ কৰাৰ সময়ত আৰক্ষীয়ে জব্দ কৰে। জানিব পৰা মতে উক্ত ঘটনাত বহিঃৰাজ্যৰ মহিলাৰ দল জৰিত থকাৰ সন্দেহ কৰা হৈছে।আটকাধিন বাৰ্মিজ চুপাৰিখিনিৰ বজাৰ মূল্য আনুমানিক ৩ লাখ টকা।

lamding