/asomiyapratidin/media/media_files/2024/12/24/ycoi8NZ8SYRVe9Tns5Cd.jpg)
ডিজিটেল সংবাদ,মানকাচৰঃ  ২৫ ডিচেম্বৰত বিশ্বই উদযাপন কৰিব পবিত্ৰ বৰদিন । বৰদিন উদযাপনৰ বাবে এতিয়া ব্যস্ত সকলো । সমান্তৰালভাৱে মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী পানবাৰীতো দেখা গৈছে পবিত্ৰ বৰদিন উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি । সজাই পৰাই তোলা হৈছে গীৰ্জা । ঘৰে ঘৰে চলিছে পিঠা-পনা বনোৱাৰ প্ৰস্তুতি । কেৰলৰ ধ্বনিৰে মুখতিৰ হ'ব গীৰ্জা ।
বিশেষকৈ সংখ্যালঘূ প্ৰধান পানবাৰী এলেকাত থকা একমাত্ৰ পানবাৰী গীৰ্জা বৰদিনৰ বাবে সজাই তোলা হৈছে। পানবাৰী এলেকাত খ্ৰীষ্টান ধৰ্মীয় লোকৰ ঘৰে ঘৰে পিঠা-পনা বনোৱাৰ প্ৰস্তুতি চলিছে। ইতিমধ্যে ঘৰে ঘৰে আত্মীয় কুটুমৰ আগমন ঘটিছে। উলহ মালহেৰে বৰদিন উদযাপনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us