ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত উজলিল অসমৰ কৃষ্টিনা-অনুস্কা

ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত উজলিল অসমৰ কৃষ্টিনা-অনুস্কা

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত উজলিল অসমৰ  কৃষ্টিনা-অনুস্কা

ডিজিটেল সংবাদ, বেকাজানঃ উত্তৰ প্ৰদেশৰ কাণপুৰত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত তিতাবৰৰ কৃষ্টিনা বৰা, অনুস্কা চাংমাই সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

Advertisment

উল্লেখযোগ্যযোৱা ১৬ আগষ্টৰ পৰা ১৮ আগষ্টলৈ অনুষ্ঠিত তৃতীয় চাৱজুনিৱৰ আৰু কেডেট ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত তিতাবৰৰ কৃষ্টিনা বৰা, অনুস্কা চাংমাই, ৰিয়া কুৰ্মী, নিকি মনি শইকীয়া, আৰু বৰ্ণীলজ্যোতি ভৰালীয়ে অসমৰ হৈ অংশগ্ৰহণ কৰিছিল। তাৰে কৃষ্টিনা বৰাই চাৱ জুনিয়ৰ ৩২ কেজি শাখাত সোনৰ পদক পাবলৈ সক্ষম হয় আৰু অনুস্কা চাংমাই ৩৫ কেজি শাখাত সোণৰ পদক পাবলৈ সক্ষম হয়৷ ছোৱালী চাবজুনিয়ৰ শাখাত দুয়োগৰাকী খেলুৱৈয়ে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱাত তিতাবৰৰ মাধপুৰবাসী উৎফুল্লিত হৈ পৰিছে।

Also Read: নগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন

titabar