/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/8fc597c2-f55b-4b9d-a505-4efda4eedd2d/chitrang_24.jpg)
chitrang
ডিজিটেল ডেস্কঃ শাৰদীয় দুৰ্গা পূজাৰ পিছত বাদ নপৰিল কালী পূজাও। সোমবাৰে দিনটোত পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীতো অব্যাহত থাকিল পাতলীয়া বৰষুণ। নিশাৰ ভাগলৈ আকৌ হ'ল প্ৰৱল বৃষ্টিপাত। তাৰ মাজতে ঠায়ে ঠায়ে সৰু-সুৰা বিক্ষিপ্ত ঘটনা। ৰাজ্যৰ ঠায়ে ঠায়ে আকৌ ধুমুহা।
সামুদ্ৰিক ঘূৰ্ণিবতাহ ছিট্ৰাঙৰ প্ৰভাৱৰ বাবেই সোমবাৰে পুৱাৰে পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ বতৰ ডাৱৰীয়া হোৱাৰ লগতে পাতলীয়াৰ পৰা প্ৰৱল বৃষ্টিপাত অব্যাহত থাকিল। অসম, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আদি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত ছিট্ৰাঙে প্ৰতি ঘণ্টাত নূন্যতম ৫০ কিলোমিটাৰ বেগৰ পৰা ৮০ কিলোমিটাৰ বেগত খুন্দা মাৰিলে।
একেই পৰস্থিতি মঙ্গলবাৰেও অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে সতৰ্কতা জাৰি কৰিছে। কেৱল মঙ্গলবাৰেই নহয়, ২৬ অক্টোবৰ বুধবাৰেও এই অঞ্চলসমূহত বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। ইতিমধ্যে কালী পূজাৰ উৎসাহ, উদ্দীপনা প্ৰতিকুল বতৰৰ বাবেই ম্লান পৰাত এতিয় দিপাৱলীৰো উৎসাহ ম্লান পৰিব বুলি আশংকা কৰা হৈছে।
ইফালে সোমবাৰে পুৱাৰে পৰা আহি থকা পাতলীয়া বৰষুণজাকে নিশাৰ ভাগলৈ প্ৰৱল ৰূপ লোৱাত স্বাভাৱিক ভাৱেই মহানগৰীৰ বিভিন্ন স্থানত কৃত্ৰিম বানৰ সৃষ্টি কৰিছে। ফলত দুৰ্ভোগৰ সন্মুখীন হৈছে কৃত্ৰিম বানৰ সন্মুখীন হোৱা মহানগৰীৰ বিভিন্ন অঞ্চলৰ বাসিন্দা।