/asomiyapratidin/media/media_files/2025/04/19/DsTThFeLZ8oDQpNKPySp.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ বিজনী থানাৰ উত্তৰ বল্লামগুৰীত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। স্বামীয়ে চোকা অস্ৰৰে শিৰচ্ছেদ কৰিলে পত্নীৰ । বিজনীৰ উত্তৰ বল্লমগুৰীত আজি সন্ধিয়াৰ ভাগত নিজ পত্নীক শিৰচ্ছেদ কৰি ছিন্ন মুণ্ডলৈ বল্লমগুৰী উপ আৰক্ষী চকীত উপস্থিত হয় স্বামী ।
আৰক্ষী চৌহদত হাতত ছিন্নমুণ্ড লৈ লোকজনক দেখি বল্লমগুৰী উপ আৰক্ষী চকীৰ কৰ্তব্যৰত আৰক্ষীৰ লোকসকল হচকিত হৈ পৰে।আৰক্ষীৰ লোকে একো প্ৰশ্ন কৰাৰ আগতেই লোকজনে কয় যে মোৰ নাম বৃটিছ হাজং, মোৰ ঘৰ উত্তৰ বল্লামগুৰীত, মই মোৰ পত্নীক দাৰে ঘপিয়াই শিৰচ্ছেদ কৰি মুৰটো লৈ থানাত উপস্থিত হৈছো, এতিয়া আপোনালোকে কি কৰিব কৰক । মোৰ আৰু একো কবলগীয়া নাই ।
ইপিনে এই লোমহৰ্ষক হত্যাকাণ্ড কথা বিজনী আৰক্ষী থানাত অৱগত কৰাৰ পিছত বিজনীৰ পৰা আৰক্ষী বিষয়াৰ দল বল্লামগুৰী আৰক্ষী চকীত উপস্থিত হৈ স্বামী বৃটিছ হাজঙ (৬০) ক সোধপোছ আৰম্ভ কৰিছে কিন্তু বৃটিছ হাজঙে কি কাৰণত নিজ পত্নীৰ শিৰচ্ছেদ কৰিবলগীয়া হল সেয়া এতিয়াও আৰক্ষী ফালৰ পৰা জনোৱা হোৱা নাই ।
আৰক্ষীৰ আন এটা দল হত্যাকাণ্ড সংঘটিত হোৱা উত্তৰ বল্লামগুৰী গাঁৱত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । স্থানীয় লোকৰ মতে স্বামী স্ত্ৰীৰ গৃহ কন্দলৰ বাবেই হত্যাকাণ্ড সংঘটিত হৈছে । ঘৰৰ চোতালতে দাৰে ঘপিয়াই শিৰচ্ছেদ কৰি মুণ্ডহীন দেহ পেলাই থৈ মুণ্ডটো লৈ গুচি যায় হত্যাকাৰী স্বামী বৃটিছ হাজঙে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us