/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/8a64bc63-1046-4e34-ab2b-91e754723114/goru_sor.jpg)
ঢালিগাঁৱত চোৰাং গৰু কঢ়িয়াই নিয়া পিক-আপ ভেনসহ দুজন সৰবৰাহকাৰীক আটক
ডিজিটেল সংবাদ, চিৰাংঃ চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি থকাৰ পিছতো চিৰাঙত গৰুৰ চোৰাং সৰবৰাহ অব্যাহত আছে । জানিব পৰা মতে বুধবাৰে চিৰাঙৰ ঢালিগাঁৱত অবৈধভাৱে গৰু কঢ়িয়াই নিয়া এখন বলেৰ' পিক-আপ ভেনসহ দুজন গৰু সৰবৰাহকাৰী আটক কৰে। ধৃত সৰবৰাহকাৰী দুজন ক্ৰমে ঢালিগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰৰ খুদবৰ আলী (৪০) আৰু হাশ্ৰাওবাৰী গাঁৱৰ ছামাদ আলী (৪৫)।
ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন গায়নে সংবাদ মাধ্যমৰ আগত জনায় যে, এক গোপন তথ্যৰ ভিত্তিত ছাতিপুৰ এলেকাৰ পৰা চোৰাং গৰু সৰবৰাহকাৰী চক্ৰই এটাই বাংলাদেশলৈ গৰু সৰবৰাহ কৰাৰ লক্ষ্যৰে বলেৰ' পিক-আপ ভেনত গৰু কঢ়িয়াই আনি থকাৰ খবৰ লাভ কৰে। সেই মৰ্মে ঢালিগাঁও থানাৰ আৰক্ষীয়ে আজি পুৱতি নিশা অভিযান চলাই বৈখুনগাঁৱত ছাতিপুৰৰ জামতলাত এ এচ ২৬ চি ৭৯৮৫ নম্বৰৰ বলেৰ' পিক-আপ ভেন আহি থকা দেখি আৰক্ষীয়ে ৰ'বলৈ সংকেত দিয়ে । কিন্তু অভিযানকাৰী আৰক্ষী দলক দেখি চালকজনে বাহন এৰি পলায়ন কৰে যদিও বলেৰ' পিক-আপ ভেনখনৰ ভিতৰৰ পৰা খুদবৰ আলী আৰু ছামাদ আলী নামৰ দুজন চোৰাং গৰু সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।
আৰক্ষীয়ে বাহনখনত পাণ জপাদি কঢ়িয়াই নিয়া গৰু ৬ টাৰ নথি পত্ৰ বিচাৰে যদিও সৰবৰাহকাৰী দুজনে আৰক্ষীৰ দলক কোনো ধৰণৰ নথি পত্ৰ দেখুৱাবলৈ সক্ষম নহোৱাত গৰু ভৰ্তি বলেৰ' বাহনখন ঢালিগাঁও থানাত আনি ৰাখে । আটকাধীন গৰু সৰবৰাহকাৰী দুজনে আৰক্ষীৰ জেৰাত জব্দ কৰা গৰু কেইটাক সীমান্তৰ সিপাৰে অৰ্থাৎ বাংলাদেশলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে গৈ আছিল বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি প্ৰকাশ কৰে ।
লক্ষ্যনীয় বিষয় যে, আজিৰ এই অবৈধ সৰবৰাহৰ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এজন চৰকাৰী পশু চিকিৎসকক সোধ-পোছৰ বাবে আৰক্ষীয়ে আটক কৰে। আৰক্ষীয়ে জনোৱা মতে সম্প্ৰতি চিৰাং জিলাত আন্তৰ্জাতিক গৰু সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ঢালিগাঁও থানাত গোচৰ ৰুজু কৰি অধিক তথ্যৰ অনুসন্ধান অব্যাহত ৰাখিছে ।
আৰু পঢ়কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কৃত ৪ ছাত্ৰ দেশৰ কোনো বিশ্ববিদ্যালয়তে নামভৰ্তি কৰাৰ পৰা বাৰণ