/asomiyapratidin/media/media_files/2025/07/13/breaking-news-2025-07-13-10-46-50.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰীৰ সমীপৰ চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলত এটা প্ৰাপ্তবয়স্ক বনৰীয়া মাইকী হাতীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। দেওবাৰে স্থানীয় লোকে বনৰীয়া হাতীৰ মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিছত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। অৱশ্যে, কি কাৰণত বনৰীয়া হাতীজনী মৃত্যু মুখত পৰিলে তাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
সম্প্ৰতি, ৰুণীখাতা বনাঞ্চলিক কাৰ্যালয়ৰ পৰা বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে। বনবিভাগৰ সুত্ৰ মতে, মৃত হাতীজনীৰ দেহত কোনো আঘাতৰ চিন নাই। তেনেক্ষেত্ৰত ১০ বছৰীয়া মাইকী হাতীজনীৰ মৃত্যুৰ কাৰণ জানিবলৈ পশু চিকিৎসকৰ দল এটা ঘটনাস্থলীত ৰাওনা হৈছে বুলি জানিব পৰা গৈছে।