দ্য ইণ্ডভাৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত ১০০দিনীয়া প্ৰশিক্ষণৰ সামৰণি

১০০ দিনীয়া কাৰ্য্যসূচীৰ অধীনত স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলক লৈ বিভিন্ন শাৰীৰিক, মানসিক অনুশীলন লগতে গীত সংগীত, নাট্যচৰ্চা, আবৃত্তি, চিত্ৰাংকন, সাধুকথা লিখা, খেল ধেমালী আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।

author-image
Asomiya Pratidin
New Update
nbnn

ডিজিটেল সংবাদ, চিৰাং:  চিৰাং জিলাৰ ছাতিপুৰ স্থিত দ্য ইণ্ডভাৰ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষা, খেল-ধেমালি আৰু সক্ষমতা বৃদ্ধিৰ ১০০ দিনীয়া কাৰ্য্যসূচীৰ সামৰণি অনুষ্ঠান সোমবাৰে স্বেচ্ছাসেৱী সংগঠনৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত কৰা হয়।

স্বেচ্ছাসেৱী সংগঠন দ্য ইণ্ডভাৰৰ কৰ্মকৰ্তা নাছিৰুদ্দিন ছিদ্দিকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে এই ১০০ দিনীয়া কাৰ্য্যসূচীৰ অধীনত স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলক লৈ বিভিন্ন শাৰীৰিক, মানসিক অনুশীলন লগতে গীত সংগীত, নাট্যচৰ্চা, আবৃত্তি, চিত্ৰাংকন, সাধুকথা লিখা, খেল ধেমালী আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।

 লগতে প্ৰশিক্ষণ দিয়া বিভিন্ন বিষয়ৰ ওপৰত সামান্তৰাল ভাবে প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । উক্ত ১০০ দিনীয়া কাৰ্য্যসূচীত বিভিন্ন কাৰণত বিদ্যালয়ৰ শিক্ষা আধাতে এৰি দিয়া কিশোৰ কিশোৰী সকলক বিশেষ গুৰুত্বাৰোপ কৰি তেওঁলোকৰ মাজত ভলীবল, কাবাদী আৰু ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি লিঙ্গ বৈষম্যতা দূৰীকৰণৰ এক প্ৰচেষ্টা চলোৱা হয়।

 এই ১০০ দিনীয়া কাৰ্য্যসূচীত নিবনুৱা সকলক বস্ত্ৰ চিলাই, এম্ব্ৰডায়ৰী, খাদ্য সামগ্ৰী প্ৰস্তুতকৰণ, কেৰিয়াৰ কাউঞ্চিলিঙৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়। ইয়াৰোপৰি দুখীয়াৰ মাজত বস্ত্ৰ বিতৰণ কৰা হয়। সামৰণি অনুষ্ঠানৰ দিনা সম্প্ৰতি ছাত্ৰ-ছাত্ৰী সকলৰ উপৰি নতুন প্ৰজন্মৰ যুৱক যুৱতী সকলৰ গঢ় লৈ উঠা কিছু অসামাজিক কাৰ্য্যকলাপ, বাল্যবিবাহ, নিষিদ্ধ ড্ৰাগছৰ প্ৰতি আসক্তি হোৱা সকলো বিষয়ৰ পৰা কিদৰে হাত সাৰিব পাৰি তাৰ ওপৰত দৃশ্যশ্ৰাৱ্যৰ মাজেৰে এক সজাগতামূলক কৰ্মশালা অনুষ্ঠিত কৰা হয়।

কোনো ধৰনৰ চৰকাৰী আৰ্থিক অনুদান অবিহনেই দ্য ইণ্ডভাৰ স্বেচ্ছাসেৱী সংগঠনটোৱে যি ১০০ দিনীয়া কাৰ্য্যসূচী ৰূপায়ন কৰিলে তাৰ প্ৰতি শলাগ লয় স্থানীয় ৰাইজ সকলে আৰু আগলৈ এনেধৰনৰ অনুষ্ঠান আয়োজন কৰিব বুলি আশা প্ৰকাশ কৰে ।

চিৰাং