চিৰাঙত দক্ষতাভিত্তিক শিক্ষাৰ প্ৰসাৰৰ বাবে দক্ষতা যাত্ৰাৰ ফ্লেগ অফ...

অসম দক্ষতা বিকাশ অভিযানৰ প্ৰধান পদক্ষেপ দক্ষতা যাত্ৰাৰ অংশ হিচাপে চিৰাঙত ইউ.এন.ব্ৰহ্ম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত দক্ষতা সজাগতা কাৰ্যসূচী আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰা হয়।

author-image
Asomiya Pratidin
New Update
চিৰাঙত দক্ষতাভিত্তিক শিক্ষাৰ প্ৰসাৰৰ বাবে দক্ষতা যাত্ৰাৰ ফ্লেগ অফ...

ডিজিটেল সংবাদ, চিৰাং: অসম দক্ষতা বিকাশ অভিযানৰ (এ এছ ডি এম) প্ৰধান পদক্ষেপ দক্ষতা যাত্ৰাৰ অংশ হিচাপে চিৰাং জিলাত ইউ.এন.ব্ৰহ্ম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত দক্ষতা সজাগতা কাৰ্যসূচী আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰা হয়। অনুষ্ঠানটো উদ্বোধন কৰে চিৰাং জিলাৰ আয়ুক্ত যতীন বৰাই।

Advertisment

ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি আয়ুক্ত বৰাই পৰম্পৰাগত শিক্ষা আৰু বিকাশশীল উদ্যোগৰ দাবীৰ মাজৰ ব্যৱধান দূৰ কৰাৰ ক্ষেত্ৰত দক্ষতা বিকাশৰ গুৰুত্বৰ সম্পৰ্কে ব্যাখ্যা কৰে। তেওঁ এনে সজাগতামূলক পদক্ষেপৰ জৰিয়তে প্ৰতিখন জিলাৰ ওচৰলৈ যাবলৈ ৰাজ্যজুৰি কৰা প্ৰচেষ্টাক প্ৰশংসা কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলক বৃত্তিমূলক প্ৰশিক্ষণৰ সুযোগ বিচাৰি উলিয়াবলৈ উৎসাহিত কৰে।

দক্ষতা সজাগতা অধিৱেশনৰ পিছত মনোমাপক পৰীক্ষা অনুষ্ঠিত কৰা হয়, যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ আগ্ৰহ আৰু যোগ্যতা মূল্যায়ন কৰিব পাৰে। হীৰকজ্যোতি গগৈ, অংশীকা গগৈ, সুপ্ৰিয়া দত্ত, অংকিতপল বৰদলৈ, আৰু মানসজ্যোতি চেতিয়াৰ অন্তৰ্ভুক্তিৰে গঠিত দক্ষতা বিকাশৰ দলটোৱে অধিবেশনৰ সুচাৰুৰূপে সম্পন্ন হোৱাটো নিশ্চিত কৰে। 

উল্লেখ্য যে ২০২৩ চনৰ ৮ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যজুৰি আৰম্ভ কৰা দক্ষতা যাত্ৰাত সমগ্ৰ অসমতে এক ঐক্যবদ্ধ দক্ষতা চহৰ আৰু জিলা পৰ্যায়ৰ দক্ষতা কেন্দ্ৰ স্থাপনৰ কল্পনা কৰা হৈছে। এই অভিযানে যুৱক-যুৱতীসকলক ভৱিষ্যতৰ বাবে সাজু আৰু আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ প্ৰাসংগিক দক্ষতাৰে সবলীকৰণ কৰিব বিচাৰে।

এই পদক্ষেপৰ লক্ষ্য হৈছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দক্ষতাভিত্তিক শিক্ষা আৰু সজাগতা বৃদ্ধি কৰা। তেওঁলোকক জ্ঞাতভাৱে কেৰিয়াৰ বাছনি কৰিব পৰা জ্ঞানেৰে সজ্জিত কৰা। এই অনুষ্ঠানত চিৰাং জিলাত দক্ষতা যাত্ৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়।

উক্ত অনুষ্ঠানত ইউ এন ব্ৰহ্ম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ সুৰজিৎ ব্ৰহ্ম, আৰু এ এছ ডি এম (ভাৰপ্ৰাপ্ত, চিৰাং), ডি পি এম-টি কৃষ্ণম মহন্ত উপস্থিত থাকে। এই কাৰ্যসূচীত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ডিগ্ৰী পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলেও অংশগ্ৰহণৰ কৰে।

চিৰাং দক্ষতা বিকাশ