চিৰাঙত যৌন নিৰ্যাতনৰ চিকাৰ হোৱা নাবালিকা ছাত্ৰীয়ে এৰিলে বিদ্যালয়

চিৰাং জিলাৰ কাজলগাঁৱৰ ছাতিপুৰ এম ই স্কুলত প্ৰধান শিক্ষক এক্কাবৰ আলী আহমেদৰ দ্বাৰা যৌন নিৰ্যাতনৰ চিকাৰ হৈ এগৰাকী সপ্তম শ্ৰেণী ছাত্ৰী বিদ্যালয় পৰা ড্ৰপ'আউট হৈ ঘৰত আবদ্ধ হৈ থকাৰ ঘটনা পোহৰলৈ আহিছে।

author-image
Asomiya Pratidin
New Update
ggdashaaa

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ কাজলগাঁৱৰ ছাতিপুৰ এম ই স্কুলত প্ৰধান শিক্ষক এক্কাবৰ আলী আহমেদৰ দ্বাৰা যৌন নিৰ্যাতনৰ চিকাৰ হৈ এগৰাকী সপ্তম শ্ৰেণী ছাত্ৰী বিদ্যালয় পৰা ড্ৰপ'আউট হৈ ঘৰত আবদ্ধ হৈ থকাৰ ঘটনা পোহৰলৈ আহিছে। পিছে, এই সন্দৰ্ভত কোনো কানসাৰ নাই চিৰাং  জিলা প্ৰাথমিক শিক্ষাবিভাগৰ। তাৰ বিপৰীতে নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলাই জে'লৰ ভাত খোৱা আচামী তথা লম্পট প্ৰধানশিক্ষক এক্কাবৰ আলী আহমেদৰ প্ৰতি চিৰাং জিলা প্ৰাথমিক শিক্ষাবিভাগে ৰহস্যজনক স্থিতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ বিটিআৰ বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় কাৰ্য্যবাহী সভাপতি ব্ৰজগোপাল সৰকাৰ আৰু জিলা সভাপতি শুকদেৱ ৰাজবংশীয়ে । 

উল্লেখযোগ্য যে, ছাতিপুৰ এমই  স্কুলৰ প্ৰধানশিক্ষক এক্কাবৰ আলী আহমেদ নিজৰ বিদ্যালয়ৰ এগৰাকী সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত জেললৈ গৈছিল। পৰৱৰ্তী সময়ত জামিনত ওলাই অহাৰ পিছত চিৰাং জিলা প্ৰাথমিক শিক্ষা বিষয়া বিজয় কুমাৰ বৈষ্ণৱে সম্পূৰ্ণ নীতি বহিৰ্ভূতভাৱে লম্পট প্ৰধানশিক্ষক গৰাকীক উক্ত বিদ্যালয়তে পুনৰ চাকৰিত মকৰল কৰিলে। কিন্তু যৌন নিৰ্যাতনৰ চিকাৰ হোৱা আতংকিত নাবালিকা ছাত্ৰী গৰাকী আধাতে বিদ্যালয় এৰি ঘৰত দিন কটাবলগীয়া হৈছে এই সন্দৰ্ভত কিন্তু জিলা প্ৰাথমিক শিক্ষা বিষয়া বিজয় কুমাৰ বৈষ্ণৱে কোনো ব্যবস্থাই গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

ইতিমধ্যেই গ্ৰীষ্মকালীন বন্ধৰ পিছতেই নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযুক্ত প্ৰধানশিক্ষক এক্কাবৰ আলী আহমেদে পূৰ্বৰ দৰেই বিদ্যালয়ত যোগদান কৰিছে অথচ ভুক্তভোগী ছাত্ৰী গৰাকীয়ে এক আতংকৰ মাজত ঘৰৰ থাকি দিন অতিবাহিত কৰিছে। এই বিষয়টো লৈ মাজতে সংবাদ মাধ্যমত বাতৰি প্ৰকাশিত হৈছিল আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়া গৰাকীয়ে ড্ৰপ'আউট তথা ভুক্তভোগী ছাত্ৰী গৰাকীৰ বাসগৃহত গৈ বুজ লোৱা আৰু অভিযুক্ত শিক্ষক গৰাকীৰ বিৰুদ্ধে বিহীত ব্যবস্থা গ্ৰহণ কৰাৰ কথা প্ৰতিশ্ৰুতি দিছিল। কিন্তু দুৰ্ভাগ্যজনক কথা যে, এইক্ষেত্ৰত শিক্ষা বিষয়া বিজয় কুমাৰ বৈষ্ণৱে কোনো ব্যবস্থাই গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । 

ইফালে, ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত যদি কোনো শিক্ষক জেললৈ যায় তেনেহলে তেওঁক চৰকাৰী নীতি নিয়ম অনুসৰি জিলা প্ৰাথমিক শিক্ষা বিষয়া এজনে নিলম্বন কৰাৰ কৰ্তৃত্ব থাকে। কিন্তু নিলম্বন উঠাই পুনৰ মকৰল কৰিবলৈ হলে বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালকৰ অনুমতি লাগে। পিছে, ছাতিপুৰ এম ই স্কুলৰ প্ৰধানশিক্ষক এক্কাবৰ আলী আহমেদৰ ক্ষেত্ৰত এই নীতি নিয়ম পালন কৰা হৈছে নে গোপন বুজাবুজিৰে নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত জেলত যোৱাৰ আচামী তথা প্ৰধানশিক্ষক জনক পুনৰ মকলৰ কৰা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰে। 

আনহাতে, এই স্পৰ্শকাতৰ বিষয়টোৰ সন্দৰ্ভত  জিলা শিশু সুৰক্ষা বিষয়া কাৰ্য্যালয়ৰ ভূমিকা অতি নিৰাশাজনক বুলি মন্তব্য কৰে একাংশ ৰাইজে। তেওঁলোকৰ একাংশ লোকে ভুক্তভোগী ছাত্ৰী গৰাকীক ন্যায় দিয়াৰ বিপৰীতে অভিযোগ প্ৰধান শিক্ষক গৰাকীক ৰক্ষণাবেক্ষণ দিয়াৰ ষড়যন্ত্ৰত নামি পৰিছে বুলি অভিযোগ কৰে। এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত যদি জিলা প্ৰাথমিক শিক্ষা বিষয়া গৰাকীয়ে যদি বিহীত ব্যবস্থা গ্ৰহণ নকৰে আৰু ভূক্তভোগী নাবালিকা ছাত্ৰী গৰাকীক পুনৰ বিদ্যালয়ত শিক্ষা গ্ৰহণৰ ব্যবস্থা নকৰে তেনেহলে ইয়াৰ বিৰুদ্ধে সদৌ বিটিআৰ বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনে গণতান্ত্ৰিকভাবে প্ৰতিবাদী কাৰ্যসূচী হাতত লব বুলি সঁকিয়াই দিয়ে।

চিৰাং আৰক্ষী চিৰাং