/asomiyapratidin/media/media_files/2025/07/23/pocso-23-2025-07-23-18-31-11.jpg)
ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতাৰ POCSO গোচৰৰ আচামী জামিনত জে’লৰ পৰা ওলাই আহি গোচৰীয়া মহিলাক নৃশংসভাৱে হত্যা কৰা ঘটনা মাৰ নৌযাওঁতেই চিৰাং জিলাত পুনৰ এগৰাকী POCSO গোচৰীয়া মহিলাৰ ঘৰত দুৰ্বৃত্তৰ আক্ৰমণৰ দৰে এক ঘটনা সংঘটিত হৈছে। এইবাৰ এই ঘটনা সংঘটিত হৈছে চিৰাং জিলা সদৰ কাজলগাঁৱত।
তথ্য অনুসৰি মঙলবাৰ সন্ধিয়া কাজলগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰৰ এগৰাকী POCSO গোচৰীয়া মহিলাৰ বাসগৃহত দুই অচিনাক্ত দুৰ্বৃত্তই প্ৰৱেশ কৰি ঘৰৰ ভিতৰত থকা সা-সামগ্ৰী লণ্ডভণ্ড কৰাৰ লগতে ভুক্তভোগী কিশোৰীগৰাকীক শাৰীৰিক ভাৱে নিগৃহিত কৰাৰ লগতি শিলেৰে আক্ৰমণ কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাৰ পিছত চৰম আতংকৰ মাজত সময় অতিবাহিত কৰিবলগা হৈছে ভুক্তভোগী পৰিয়ালটোৱে।
অভিযোগ অনুসৰি যোৱা কিছুদিন ধৰি ভুক্তভোগী পৰিয়ালটো তথা গোচৰীয়া মহিলাগৰাকীক ৭০০২৫২১২৭২ মোবাইল ফোন নম্বৰৰ পৰা ফোন কৰি কাজলগাঁও থানাত তৰা POCSO গোচৰটো মীমাংসা কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। অন্যথা তেওঁলোক ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব লাগিব বুলি ভাবুকি প্ৰদান কৰে।
তাৰোপৰি উক্ত নম্বৰৰ পৰা ফোন কৰা দুৰ্বৃত্তই এই বুলিও ভাবুকি দিয়ে যে,তেওঁলোকক এই গোচৰত যিসকলে সহযোগিতা কৰিছে তেওঁলোকেও ৰক্ষা নাপাব। এইদৰে দুৰ্বৃত্তই ফোন যোগে দিয়া ভাবুকিৰ পিছতো ভুক্তভোগী পৰিয়ালটোলে ন্যায়ৰ আশাত নিজৰ স্থিতিত অটল থাকে।
এনে পৰিস্থিতিত মঙলবাৰে সন্ধিয়াৰ ভাগত ভুক্তভোগী পৰিয়ালটোক লক্ষ্য কৰি দুৰ্বৃত্তৰ দলে বাসগৃহত প্ৰৱেশ কৰি এইদৰে তাণ্ডৱ সৃষ্টিৰে আতংকিত কৰি তুলিছে। ইয়াৰ পিছত ঘটনা সন্দৰ্ভত মঙলবাৰেই ভুক্তভোগী পৰিয়ালটোৰ হৈ কাজলগাঁও থানাৰ নাগৰিক সমিতিৰ সদস্যা তথা কল্যাণ আশ্ৰম চিৰাং জিলাৰ সাধাৰণ সম্পাদিকা কল্যাণী ৰায়ে কাজলগাঁও থানাৰ আৰক্ষীক ফোন যোগে অৱগত কৰে।
কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি দিনৰ ভাগলৈকে চিৰাং কাজলগাওঁ আৰক্ষীৰ কোনো এজন লোকেই ঘটনাস্থলীত উপস্থিত নোহোৱাৰ লগতে এই বিষয়ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনা সন্দৰ্ভত কাজলগাঁও থানাৰ নাগৰিক সমিতিৰ সদস্যা তথা কল্যাণ আশ্ৰম, চিৰাং জিলাৰ সাধাৰণ সম্পাদিকা কল্যাণী ৰায় কৰ্মকাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
তেওঁ কয়, যোৱা ১৯ মে’ত ছাতিপুৰ এম ই স্কুলৰ প্ৰধান শিক্ষক এক্কাবৰ আলী আহমেদৰ বিৰুদ্ধে সপ্তম শ্ৰেণীত অধ্যয়নৰত এগৰাকী হিন্দু সম্প্ৰদায়ৰ ছাত্ৰীয়ে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। সেইদিনা পাঠদান চলাকালীন প্ৰধানশিক্ষকৰ কোঠালীত ঝাড়ু দিয়াৰ ছলেৰে মাতি নি শিক্ষাৰ্থীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল।
পৰবৰ্তী সময়ত ছাত্ৰীগৰাকীৰ মাতৃয়ে কাজলগাঁও আৰক্ষী থানাত প্ৰধানশিক্ষক এক্কাবৰ আলী আহমেদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে প্ৰধানশিক্ষক এক্কাবৰ আলী আহমেদক POCSO গোচৰৰ অধীনত গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।
লক্ষ্যণীয় বিষয় যে, মাত্ৰ ২১ দিনৰ ভিতৰত আদালতৰ পৰা জামিন লাভ কৰি জে’লৰ পৰা ওলাই আহিয়েই বিভিন্ন দল, সংগঠনৰ লোকক লৈ POCSO গোচৰটো মীমাংসা কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰি পৰিয়ালটোক হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে প্ৰধান শিক্ষকগৰাকীয়ে।
এই কাৰ্যত একাংশ শিক্ষকৰ উপৰি জিলা শিশু কল্যাণ সমিতিৰ এগৰাকী সদস্যই বুজন পৰিমাণৰ ধনৰ প্ৰলোভন দি POCSO গোচৰটো মীমাংসা কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে কল্যাণী ৰায় কৰ্মকাৰে। এনেবোৰ ঘটনা চলি থকাৰ মাজতে উক্ত যৌন নিৰ্যাতন ঘটনাৰ পিছৰে পৰা মানসিক চাপত ভূগি থকা ছাত্ৰীগৰাকীয়ে বিদ্যালয়লৈ যোৱা বন্ধ কৰি দিছিল।
ফলশ্ৰুতিত ভুক্তভোগী ছাত্ৰীগৰাকীক বিকল্প বিদ্যালয়ত নামভৰ্তিৰ ব্যৱস্থা কৰি তেওঁৰ শৈক্ষিক ভৱিষ্যত সুনিশ্চিত কৰিবলৈ জিলা শিশু কল্যাণ বিভাগ বা জিলা প্ৰাথমিক শিক্ষা বিভাগে যি দায়িত্ব পালন কৰিব লাগিছিল তেনে কোনো বাস্তৱ সন্মত ব্যৱস্থা নকৰাত বৰ্তমানলৈকে ছাত্ৰীগৰাকী ঘৰতে থাকিব লগা হৈছে। আশ্চৰ্য্যজনক বিষয় যে ভুক্তভোগী ছাত্ৰীগৰাকীৰ হৈ ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা জিলা প্ৰাথমিক শিক্ষা বিভাগে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত জে’ললৈ যোৱা, নিলম্বি প্ৰধান শিক্ষক এক্কাবৰ আলী আহমেদে জামিন লাভ কৰাৰ পিছতেই সম্পূৰ্ণ নীতি বৰ্হিভূতভাৱে একেখন বিদ্যালয়তে পুনৰ যোগদান কৰাৰ ব্যৱস্থা কৰি দিয়ে।
জিলা শিক্ষাবিভাগৰ এই কৰ্মকাণ্ড সন্দৰ্ভত স্থানীয় লোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এনে কাৰ্য কেনেকৈ সম্ভৱ হৈছে? ছাত্ৰী এগৰাকীক যৌন নিৰ্যাতন চলাই জেললৈ যোৱা শিক্ষকজনক জিলা শিক্ষা বিভাগে কিহৰ ভিত্তিত পুনৰ চাকৰিত মকৰল কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে তেওঁলোকে।
এই সমগ্ৰ সন্দৰ্ভত চিৰাং জিলা প্ৰাথমিক শিক্ষা বিষয়া বিজয় কুমাৰ বৈষ্ণৱে কয় যে ছাতিপুৰ এম ই স্কুলৰ প্ৰধান শিক্ষক এক্কাবৰ আলী আহমেদৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পিছত নীতিগত ভাবে আমি তেওঁক নিলম্বন কৰিছিলো কিন্তু পিছত জামিনত ওলাই আহি জনালে যে উক্ত গোচৰটো মীমাংসাৰ দিশে আগবাঢ়িছে সেয়ে তেখেতক পুনৰ চাকৰিত মকৰল কৰিব লাগে। তাৰ পিছত তেখেতে বিভাগীয়ভাবে মকৰল কৰিছে বুলি সদৰি কৰে।
লগতে তেওঁ এই কথাও কয় যে, এতিয়া তেওঁৰ এনেকুৱা লাগিছে যেন তেওঁক নিলম্বিত, যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্তি এক্কাবৰ আলী আহমেদে অসত্যৰে বিপথে পৰিচালিত কৰিছে।যৌন নিৰ্যাতনৰ বলি হোৱা ছাত্ৰীগৰাকীৰ লগত যে এনেধৰনৰ ঘটনা ঘটি আছে এই সন্দৰ্ভত তেখেত অৱগত নহয়।
তেওঁ এতিয়া সমগ্ৰ বিষয়টো পুনৰীক্ষণ কৰা হ’ব বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে। মুঠৰ ওপৰত সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ সৈতে যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱাৰ পিছত নতুনকৈ যিবোৰ কৰ্মকাণ্ড পোহৰলৈ আহিব ধৰিছে আৰু এই ঘটনাৱলীৰ আঁৰত আৰক্ষী, জিলা শিশু কল্যাণ বিভাগ আৰু জিলা প্ৰাথমিক শিক্ষা বিভাগৰ ভূমিকাক লৈ ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে।
উল্লেখ্য যে আজি ভুক্তভোগী পৰিয়ালটোৱে কেবাটাও দল, সংগঠনক লগত লৈ প্ৰথমে জিলা আৰক্ষী অধীক্ষক অক্ষ্যত গাৰ্গৰ সৈতে সাক্ষাৎ কৰি সমগ্ৰ বিষয়টো অৱগত কৰে আৰু আৰক্ষী অধীক্ষক জনে ঘটনা সন্দৰ্ভত কাজলগাঁও থানাত এখন এজাহাৰ দাখিল কৰাৰ পৰামৰ্শ দিয়ে। তাৰোপৰি তেওঁ এই ঘটনাৰ উচিত তদন্ত কৰি বিহীত ব্যবস্থা গ্ৰহণ কৰাৰো আশ্বাস প্ৰদান কৰে।