Advertisment

কাজলগাঁৱত হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ

১৯ নং চিদলী চিৰাং বিধানসভা সমষ্টিৰ চিৰাং জিলাত ১২৯১২ গৰাকী হিতাধিকাৰীক এই কাৰ্ড সমূহ প্ৰদান কৰা হয়। তাৰে ২৩১৯ টা নতুন পৰিয়ালে এই ৰেচন কাৰ্ড লাভ কৰিছে।

author-image
Asomiya Pratidin
New Update
্ে

ডিজিটেল সংবাদ, চিৰাং:  আজি ১৯ নং কাজলগাঁওস্থিত জিলা পেৰেড গ্ৰাউণ্ডত "বিকাশৰ ১২দিন" শীৰ্ষক অভিযানৰ অধীনৰ গৰীৱ কল্যাণ অন্ন যোজনা আঁচনিৰ ৰেচন কাৰ্ড সমুহ চিদলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্মই হিতাধিকাৰী সকলৰ মাজত বিতৰণ কৰে।উল্লেখযোগ্য যে ৰাজ্যৰ সৰ্ব মুঠ ২০৩১৯ টা নতুন পৰিয়ালক এই ৰেচন কাৰ্ড সমূহ প্ৰদান কৰা হয়।

Advertisment

ইয়াৰে ১৯ নং চিদলী চিৰাং বিধানসভা সমষ্টিৰ চিৰাং জিলাত ১২৯১২ গৰাকী হিতাধিকাৰীক এই কাৰ্ড সমূহ প্ৰদান কৰা হয়। তাৰে ২৩১৯ টা নতুন পৰিয়ালে এই ৰেচন কাৰ্ড লাভ কৰিছে। এই ৰেচন কাৰ্ড সমূহৰ জৰিয়তে জিলা খনৰ ৬১৩২ টা পৰিয়াল উপকৃত হ'ব বুলিও বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

সভাতেই ভাষণ প্ৰসংগত বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্মই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বক উচ্চ প্ৰশংসা কৰি কয় যে, বিশেষকৈ নতুন ৰেচন কাৰ্ড প্ৰদানেৰে জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ ফলত ৰাজ্যৰ লগতে বিটিআৰত বসবাস কৰা সাধাৰণ ৰাইজ উপকৃত হব।

সভাতেই বিধায়ক ব্ৰহ্মই জিলা প্ৰশাসন, চৰকাৰী বিষয়া আৰু অন্যান্য বিভাগীয় বিষয়ববীয়া সকলক সমাজৰ উন্নয়নৰ স্বাৰ্থত নিজৰ দ্বায়িত্ব সমূহ পালন কৰিবলৈ আহ্বান জনায়। বিষয়া সকলে নিজৰ নিজৰ দ্বায়িত্ব সমূহ নিষ্ঠা আৰু সততাৰে পালন কৰি গ'লে ৰাজ্যৰ ক্ষীপ্ৰ উন্নয়ন সম্ভৱ বুলিও তেঁও কয়।

আজি অনুষ্ঠিত ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰি জিল খনৰ আয়ুক্ত যতীন বৰাই আঁচনিখনৰ সন্দৰ্ভত বিশদভাবে ৰাইজৰ আগত বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন ৰায়, কাজলগাঁও পৌৰসভাৰ অধ্যক্ষ উপেন্দ্ৰ মুছাহাৰী, বাসুগাঁও পৌৰসভাৰ অধ্যক্ষ সাধন চন্দ্ৰ মণ্ডল আদিৰ লগতে জিলা খনৰ প্ৰশাসনিক বিষয়া সকল উপস্থিত থাকে।

ৰেচন কাৰ্ড