/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/nikhil.jpg)
ডিজিটেল সংবাদ, চিৰাং : বিগত কিছুদিন ধৰি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ বিভিন্ন ঠাইত মাৰনাস্ত্ৰ দেখুৱাই ভয় ভাবুকি প্ৰদান কৰি লুন্ঠন কাৰ্য চলোৱা, গুলীচালনা কৰি নিৰীহ লোকক আহত কৰাৰ দৰে ঘটনা সংঘটিত হোৱাৰ পিছত শেহতীয়াকৈ নগৰাঞ্চলতো এনেধৰনৰ মৰণাস্ৰ দেখুৱাই ডকাইতি কাণ্ড সংঘটিত হ'বলৈ ধৰিছে ।
এনেধৰনৰ বৰ্দ্ধিত অপৰাধমূলক কাৰ্য সংঘটিত কৰা অপৰাধীৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ দাবীত চিৰাং জিলা এবছুৰ উদ্যোগত বড়ো সাহিত্য সভা, বড়ো সমাজ, সদৌ অসম ছাত্ৰ সন্থা, সদৌ চাওঁতাল ছাত্ৰ সন্থা, বিটিআৰ আক্ৰাছু, সদৌ অসম বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেচন, গোৰ্খা সমাজ, স্থানীয় ব্যবসায়ী সন্থা আৰু অন্যান্য বিভিন্ন দল সংগঠনৰ সহযোগত প্ৰায় সহস্ৰাধিক পুৰুষ-মহিলা, ছাত্ৰ-ছাত্ৰী লোকে এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে ।
উল্লেখ্য যে দেওবাৰ সন্ধিয়াৰ ভাগত কাশিকোত্ৰাত এগৰাকী ব্যবসায়ীৰ ঘৰত পিস্তল দেখুৱাই চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হোৱাৰ পিছত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । কাশিকোত্ৰাৰ আঞ্চলিক এবছুৰ কাৰ্য্যালয়ৰ পৰা আৰম্ভ কৰা প্ৰতিবাদী সমদল ৩১ নং ৰাষ্ট্ৰীয় পথে গৈ কাশিকোত্ৰা বজাৰত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে । উক্ত প্ৰতিবাদী চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে ভাষন প্ৰদান কৰে । প্ৰতিবাদী সভাৰ অন্তত উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us