ৰুণীখাতাত দুগৰাকীকৈ নাবালিকাক শাৰিৰীক নিৰ্যাতনঃ আটক সংগঠনৰ নেতা

ৰমিনাছ নাৰ্জাৰী হৈছে দুৱাৰঞ্চল জন পৰিসংগ্ৰাম নামৰ এটা সংগঠনৰ সভাপতি। শুকুৰবাৰে নিশা লম্পট জেকব নাৰ্জাৰীয়ে বন্ধু পাৰমিনাছ নাৰ্জাৰীৰ ভাৰা ঘৰত কিশোৰী দুগৰাকীক ফুচুলাই মাতি আনি গোটেই নিশা শাৰিৰীক নিৰ্যাতন চলায়।

author-image
Asomiya Pratidin
New Update
mmm

ডিজিটেল সংবাদ, চিৰাং :  ৰংজালী বৈছাগুৰ আনন্দৰ মাজতেই চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানা এলেকাত দুগৰাকীকৈ নাবালিকাক শাৰিৰীক নিৰ্যাতন চলোৱাৰ ঘটনা সংঘটিত হৈছে। চিৰাং জিলাৰ এগৰাকী প্ৰতিষ্ঠিত ঠিকাদাৰ আৰু এটা সংগঠনৰ সভাপতিৰ বিৰুদ্ধে এগৰাকী ১১ বছৰীয়া আৰু এগৰাকী ১৩ বছৰীয়া জনজাতীয় নাবালিকাক শাৰিৰীক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

Advertisment

ভুক্তভোগী নাবালিকা দুগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত ৰুণীখাতা থানাৰ আৰক্ষীয়ে ইতিমধ্যেই পকচ' আইনৰ অধীনত দুই লম্পট ক্ৰমে জেকব নাৰ্জাৰী আৰু পাৰমিনাছ নাৰ্জাৰী নামৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। লক্ষ্যণীয় বিষয় যে, নাবালিকাক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা জেকব নাৰ্জাৰী চিৰাং জিলাৰ এগৰাকী প্ৰতিষ্ঠিত ঠিকাদাৰ।

আন গৰাকী অভিযুক্ত পাৰমিনাছ নাৰ্জাৰী হৈছে দুৱাৰঞ্চল জন পৰিসংগ্ৰাম নামৰ এটা সংগঠনৰ সভাপতি। প্ৰাপ্ত খবৰ অনুসৰি ১১ এপ্ৰিল শুকুৰবাৰে নিশা লম্পট জেকব নাৰ্জাৰীয়ে বন্ধু পাৰমিনাছ নাৰ্জাৰীৰ ভাৰা ঘৰত কিশোৰী দুগৰাকীক ফুচুলাই মাতি আনি গোটেই নিশা শাৰিৰীক নিৰ্যাতন চলায়।

পুৱা নাবালিকা দুগৰাকীৰ হাতত কিছু টকা গুজি দি ঘৰলৈ পঠিয়াই দিয়ে। নাবালিকা দুগৰাকী নিজ নিজ বাসগৃহত যোৱাৰ পিছত পৰিয়ালৰ লোকে সোধপোছ কৰাত কান্দি কান্দি পৰিয়ালৰ আগত লম্পট জেকব নাৰ্জাৰী আৰু পাৰমিনাছ নাৰ্জাৰীয়ে গোটেই নিশা তেওঁলোকক শাৰিৰীক নিৰ্যাতন চলাইছে বুলি স্বীকাৰোক্তি দিয়ে ।

ইয়াৰ পিছতেই ভুক্তভোগী পৰিয়ালৰ লোকে লম্পট জেকব নাৰ্জাৰী আৰু পাৰমিনাছ নাৰ্জাৰীৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ তৰাৰ প্ৰস্তুতি চলায়। এই খবৰ লাভ কৰি লম্পট তথা কোটিপতি ঠিকাদাৰ জেকব নাৰ্জাৰীয়ে ভুক্তভোগী নাবালিকা দুগৰাকীৰ পৰিয়ালক বিভিন্ন ধৰনে ভয় ভাবুকি প্ৰদান কৰিবলৈ আৰম্ভ কৰে। কিন্তু সেয়া কাম নোহোৱাত বৃহৎ পৰিমাণৰ ধনৰ লোভ দেখুৱাই সমগ্ৰ বিষয়টো তল পেলাবলৈ যত্ন কৰে।  

ইফালে স্বাভিমানী পৰিয়াল দুটাই লম্পট দুজনৰ সকলো ধৰনৰ ভয় ভাবুকি আৰু ধনৰ প্ৰলোভনত ভোল নগৈ ১৪ এপ্ৰিল সোমবাৰ দিনা ৰুণীখাতা থানাত আহি লম্পট জেকব নাৰ্জাৰী আৰু পাৰমিনাছ নাৰ্জাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এজাহাৰ ভিত্তিত ৰুণীখাতা থানাৰ আৰক্ষীয়ে প্ৰথমে যৌন নিৰ্যাতনৰ চিকাৰ নাবালিকা দুগৰাকীক স্বাস্থ্য পৰীক্ষা কৰে আৰু উপযুক্ত চিকিৎসা ব্যৱস্থা কৰে।

আনপিনে ৰুণীখাতা থানাৰ আৰক্ষী চক্ৰ বিষয়া দেৱজিত শৰ্মা আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপ্লৱ কোঁৱৰে অভিযান চলাই বুধবাৰে তথাকথিত সংগঠনৰ সভাপতি পাৰমিনাছ নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰে । তাৰ পিছত বৃহস্পতিবাৰৰ দিনা ঠিকাদাৰ ৰূপী লম্পট জেকব নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰে । ৰুণীখাতা থানাৰ আৰক্ষীয়ে অভিযুক্ত ঠিকাদাৰ জেকব নাৰ্জাৰী আৰু পাৰমিনাছ নাৰ্জাৰীৰ বিৰুদ্ধে  04/2025 u/sec: 96/117(2)/65(1),65(2)/70(2) BNS.R/w sec: 6 of POCSO আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰে।

লক্ষ্যণীয় বিষয় যে, অভিযুক্ত জেকব নাৰ্জাৰীক ৰুণীখাতা থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতো সমগ্ৰ ঘটনাটো সংবাদ মাধ্যমৰ পৰা লুকুৱাই ৰাখি আৰক্ষীক এক প্ৰকাৰ হেচা প্ৰয়োগ কৰি কেনেদৰে জেকব নাৰ্জাৰীক উক্ত গোচৰৰ পৰা ৰেহাই দিব পাৰি সেয়া বাস্তৱায়িত কৰাৰ কাৰণে এটা শক্তিশালী চক্ৰই চেষ্টা চলাই আছিলে। 

শুকুৰবাৰে পুৱা নাবালিকা নিৰ্যাতনৰ সমগ্ৰ ঘটনা সংবাদ মাধ্যমৰ জৰিয়তেই প্ৰচাৰ হোৱাৰ পিছত আৰক্ষী পূৰ্বতকৈ অধিক কঠোৰ স্থিতি গ্ৰহণ কৰি কাম কৰিবলৈ আৰম্ভ কৰে । অভিযুক্ত দুয়োকে কাজলগাঁৱৰ সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰি তদন্তৰ খাতিৰত পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰে যদিও আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে।

প্ৰাপ্ত খবৰ অনুসৰি শাৰিৰীক নিৰ্যাতনৰ বলি হোৱা নাবালিকা দুগৰাকীৰ স্বাস্থ্য যথেষ্ট অৱনমিত হৈছিল যদিও চিকিৎসাৰ অন্তত বৰ্তমান দুয়ো কিছু সুস্থ অৱস্থাত ঘৰতে আছে বুলি জানিব পৰা গৈছে। ৰংজালী বৈছাগুৰ আনন্দ ফুৰ্তিৰ মাজতে সমাজৰ বিশিষ্ট পদত থকা লোক সকলৰ দ্বাৰা এনেধৰনৰ জঘন্য ঘটনা সংঘটিত কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছত চিৰাঙৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা এলেকাত সাধাৰণ ৰাইজৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই জঘন্য ঘটনা সংঘটিত কৰা অভিযুক্ত দুজনক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে।

চিৰাং