Advertisment

বি টি চিৰ স্বাস্থ্য বিভাগৰ পয়া লগা ৰূপ...

চিৰাং জিলাৰ আৰ্থিক দিশত দুৰ্বল তথা দুখীয়া দৰিদ্ৰ লোকসকলে বিনামূলীয়া চৰকাৰী চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ আহে কাজলগাঁও স্থিত জেএচবি অসামৰিক চিকিৎসালয়ত ।

author-image
Asomiya Pratidin
New Update
বিটিচিৰ স্বাস্থ্য বিভাগৰ পয়ালগা ৰূপ ।

বিটিচিৰ স্বাস্থ্য বিভাগৰ পয়ালগা ৰূপ । Photograph: (বিটিচিৰ স্বাস্থ্য বিভাগৰ পয়ালগা ৰূপ ।)

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ আৰ্থিক দিশত দুৰ্বল তথা দুখীয়া দৰিদ্ৰ লোকসকলে বিনামূলীয়া চৰকাৰী চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ আহে কাজলগাঁও স্থিত জেএচবি অসামৰিক চিকিৎসালয়ত । কিন্তু জিলাখনৰ দূৰদূৰণিৰ পৰা এই চৰকাৰী চিকিৎসালয়খনত চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ আহি বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

Advertisment

চিকিৎসালয়খনত অত্যাধুনিক চিকিৎসা সেৱাৰ পৰ্য্যাপ্ত সা-সুবিধা থকাৰ পিছতো প্ৰয়োজনীয় বিশেষজ্ঞ চিকিৎসক নথকাৰ বাবেই উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ সৰ্বসাধাৰণ ৰাইজে একপ্ৰকাৰ বাধ্য হৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসা লবলৈ যাব লগা হৈছে বুলি ভুক্তভোগী ৰাইজৰ ফালৰ পৰা অভিযোগ উত্থাপিত হৈছে ।

এই সন্দৰ্ভত বিভিন্ন সময়ত চিৰাং জিলাৰ জাতীয় দল সংগঠনৰ নেতৃত্ববৰ্গই সংবাদ মাধ্যমৰ জৰিয়তে এই জেএচবি অসামৰিক চিকিৎসালয়ত প্ৰয়োজনীয় বিশেষজ্ঞ চিকিৎসকৰ অভাৱৰ কথা অসম চৰকাৰ তথা বিটিচি প্ৰশাসনক অৱগত কৰি দুখীয়া দৰিদ্ৰ লোকৰ সুবিধাৰ্থে প্ৰয়োজনীয় চিকিৎসক নিযুক্তি দিবলৈ আহ্বান জনাইছিল কিন্তু তাৰ পিছতো ৰাজ্য চৰকাৰ বা বিটিচি প্ৰশাসনৰ স্বাস্থ্য বিভাগে এইক্ষেত্ৰত কাৰ্য্যকৰী হোৱাকৈ কোনো ব্যবস্থাই গ্ৰহণ কৰা নাছিল ।

ৰাজ্য চৰকাৰ বা বিটিচি প্ৰশাসনৰ স্বাস্থ্য বিভাগৰ এই অৱহেলাৰ বাবেই চিৰাং জিলা সদৰ কাজলগাঁৱৰ জেএচবি  অসামৰিক চিকিৎসালয়খনত বিগত চেপ্তেম্বৰ মাহৰ পৰা শল্য চিকিৎসা বিভাগত চলি আছে অচলাৱস্থা !  জানিব পৰা মতে বিগত বছৰৰ ১২ চেপ্তেম্বৰৰ পৰা কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয় খনত নাই এনেচস্থেচিয়া বিশেষজ্ঞ চিকিৎসক, নাই শিশুৰোগ বিশেষজ্ঞ চিকিৎসক ।

ফলস্বৰূপে চিকিৎসালয়খনৰ অস্ত্ৰোপচাৰ কক্ষৰ কামকাজ সম্পূৰ্ণৰূপে স্থবিৰ হৈ আছে। মাজতে চিকিৎসালয় কতৃপক্ষই এগৰাকী বয়োজেষ্ঠ তথা অৱসৰপ্ৰাপ্ত এনেচস্থেচিয়া বিশেষজ্ঞ চিকিৎসক এগৰাকীক অস্থায়ী ভাৱে নিযুক্তি দি অস্ত্ৰোপচাৰৰ কাম আৰম্ভ কৰিছিল যদিও ১৩ ডিচেম্বৰ তাৰিখে অস্ত্ৰোপচাৰ কৰাৰ পিছত এগৰাকী প্ৰসূতিৰ ৰহস্যজনক ভাবে মৃত্যু মুখত পৰাৰ পিছত পুনৰ অস্ত্ৰোপচাৰ সেৱা বন্ধ ৰখা হৈছে ।

ইপিনে প্ৰতিদিনে জিলাখনৰ বিভিন্ন এলেকাৰ পৰা শল্য চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ চিকিৎসালয় খনত আহি সাধাৰণ ৰোগী সকলৰ উপৰি প্ৰসূতি মহিলা সকলে এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হব লগা হৈছে । মুমূৰ্ষ অবস্থাত বহু প্ৰসূতি মহিলা জেএচবি অসামৰিক চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত উপায়ন্তৰ চিকিৎসক সকলে প্ৰসূতি সকলক বৰপেটা, কোকৰাঝাৰত স্থানান্তৰ কৰিব লগাত পৰিছে । বৰ্তমান চিকিৎসালয়খনত যে কেৱল এনেচস্থেচিয়া বিশেষজ্ঞ চিকিৎসক নাই তেনেকুৱা নহয় বন্ধ হৈ আছে ৰেডিঅ'লোজী বিভাগৰ ছনোগ্ৰাফী সেৱা ।

তাতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে চিকিৎসালয়খনত  এজনো শিশুৰোগ বিশেষজ্ঞ চিকিৎসক ! চিৰাং জিলাৰ একমাত্ৰ অসামৰিক চিকিৎসালয়খনৰ এই অচলাৱস্থা কিয় হবলৈ পালে ? এই সন্দৰ্ভত জেএচবি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডঃ ৰেজাউল কৰিমে জানিবলৈ দিয়া মতে জেএচবি অসামৰিক চিকিৎসালয়ত কোনোদিনেই স্থায়ী এনেচস্থেচিয়া বিশেষজ্ঞ চিকিৎসকক নিযুক্তি দিয়া নাছিল ।

ইমান দিনে ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ অধীনত এবছৰীয়া চুক্তিত চিকিৎসক সকলে সেৱা আগবঢ়াই আহিছিলে । যোৱা ১১ চেপ্তেম্বৰত এনেচস্থেচিয়া বিশেষজ্ঞ চিকিৎসক জনৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পিছত তেখেত গুচি গৈছে আৰু ১২ চেপ্তেম্বৰৰ পৰা আজিলৈকে চিকিৎসালয়খনত এনেচস্থেচিয়া বিশেষজ্ঞ চিকিৎসক নথকাৰ বাবে সকলোধৰণৰ অস্ত্ৰোপচাৰ (অপাৰেচন) বন্ধ হৈ আছে।

মাজতে এগৰাকী অস্থায়ী এনেচস্থেচিয়া বিশেষজ্ঞ নিযুক্তি দি অস্ত্ৰোপচাৰ আৰম্ভ কৰা হৈছিল যদিও মাজতে এটা অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ পিছত আমি অস্ত্ৰোপচাৰ বন্ধ ৰাখিছো । অকল সেয়াই নহয় উক্ত দিনাই ৰেডিঅ'লোজী বিভাগৰ একমাত্ৰ স্বাস্থ্যকৰ্মী, শিশুৰোগ বিশেষজ্ঞ চিকিৎসক তেওঁলোকৰ এবছৰীয়া চুক্তি সম্পূৰ্ণ হোৱাত গুচি গৈছে ।

সুখৰ কথা যে স্বাস্থ্য বিভাগৰ পৰা নতুনকৈ এগৰাকী শিশুৰোগ বিশেষজ্ঞ চিকিৎসকক নিযুক্তি প্ৰদান কৰিছে খুব কম সময়ৰ ভিতৰত তেখেতে যোগদান কৰিব বুলি সদৰি কৰে। ইপিনে এবিএমছুৰ নেতা আনোৱাৰ হুছেইনে কয় যে চিৰাং জিলাৰ কাজলগাঁও আৰু বিজনী মহকুমাৰ দূৰদূৰণিৰ পৰা চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ প্ৰতিদিনে দুখীয়া দৰিদ্ৰ লোকসকলৰ আগমন ঘটে কিন্তু প্ৰয়োজনীয় বিশেষজ্ঞ চিকিৎসক নথকাৰ বাবে তেওঁলোকে নিজৰ সা-সম্পত্তি বিক্ৰী ব্যক্তিগত খণ্ডৰ চিকিৎসালয় গৈ চিকিৎসা সেৱা গ্ৰহণ কৰিব লগা হৈছে ।

আক্ৰাছুৰ নেতা প্ৰাঞ্জল চৌধুৰীয়ে কয় যে জেএচবি অসামৰিক চিকিৎসালয়ৰ উদ্বোধনৰ পিছৰে পৰা পৰ্যাপ্ত চিকিৎসকৰ অভাৱ আছিলেই যিটো আমি বিভিন্ন দল সংগঠনৰ পৰা সময়ে সময়ে চৰকাৰ তথা প্ৰশাসনৰ লোকক অৱগত কৰি আহিছো কিন্তু দুৰ্ভাগ্যজনক কথা যে এইক্ষেত্ৰত স্বাস্থ্য বিভাগে কিয় যে গুৰুত্ব আৰোপ কৰা নাই সেয়া এক সাথঁৰ হৈ আছে ।

এই মুহূৰ্তত জেএচবি অসামৰিক চিকিৎসালয়ৰ যি দুৰবস্থা চলি আছে আৰু এই দুৰবস্থা দুৰ কৰিবলৈ জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু স্থানীয় যুৱ সাংসদ জয়ন্ত বসুমতাৰীয়ে বিশেষ উদ্যোগ লৈ জিলাখনৰ দুখীয়া দৰিদ্ৰ লোক সকলৰ সহায় হব পৰাকৈ অতিশীঘ্ৰেই প্ৰয়োজনীয় বিশেষজ্ঞ চিকিৎসক নিযুক্তি দিয়াৰ ব্যবস্থা কৰাৰ বাবে আহ্বান জনায় ।

১০০ বিচনাযুক্ত এই অসামৰিক চিকিৎসালয়খনত কম কৰি চিকিৎসক থাকিব লাগে ৩২ গৰাকী কিন্তু বৰ্তমান চিকিৎসক আছে মাত্ৰ ১৬ গৰাকী । চিকিৎসালয়খনত সকলোধৰণৰ সা-সুবিধা থকাৰ পিছতো একমাত্ৰ চিকিৎসকৰ অভাৱত ৰাইজক উন্নত স্বাস্থ্যসেৱা আগবঢ়াব পৰা নাই, এইক্ষেত্ৰত বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্য অৰূপ কুমাৰ দেৰ ভূমিকা যথেষ্ট পুতৌজনক বুলি আক্ষেপ প্ৰকাশ কৰে ছাত্ৰ নেতা দুজনে।

চিৰাং