চিৰাঙত সদৌ অসম আদিবাসী মহাসভাৰ প্ৰথম বাৰ্ষিক অধিৱেশন...

ৰুণীখাটাস্থিত সৎসংগ বিহাৰ মন্দিৰ কমপ্লেক্সত অনুষ্ঠিত কাৰ্যসূচীত মন্ত্ৰী সিংহলে আদিবাসী জনগোষ্ঠীসমূহৰ সবলীকৰণ আৰু সামগ্ৰিক বিকাশ ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ অন্যতম প্ৰধান লক্ষ্য বুলি উল্লেখ কৰে।

author-image
Asomiya Pratidin
New Update
sds

ডিজিটেল সংবাদ,গুৱাহাটী:   আজি চিৰাঙত সদৌ অসম আদিবাসী মহাসভাৰ প্ৰথম বাৰ্ষিক অধিৱেশনখন সফলতাৰে অনুষ্ঠিত হয়। এই সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী শ্ৰী অশোক সিংহলে। ৰুণীখাটাস্থিত সৎসংগ বিহাৰ মন্দিৰ কমপ্লেক্সত অনুষ্ঠিত কাৰ্যসূচীত মন্ত্ৰী সিংহলে আদিবাসী জনগোষ্ঠীসমূহৰ সবলীকৰণ আৰু সামগ্ৰিক বিকাশ ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ অন্যতম প্ৰধান লক্ষ্য বুলি উল্লেখ কৰে।

Advertisment

 মুখ্যমন্ত্ৰী শৰ্মাৰ সুদক্ষ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে আদিবাসীসকলৰ কল্যাণৰ বাবে তথা তেওঁলোকৰ চহকী ঐতিহ্য সংৰক্ষণ কৰিবলৈ আৰু সৰ্বাংগীণ উন্নয়ন সুনিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰী সিংহলে উল্লেখ কৰে।

 সভাত অংশ লৈ মন্ত্ৰী সিংহলে সকলোকে অধিবেশনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে আৰু জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে সকলোকে একগোট হৈ কাম কৰি যাবলৈও আহ্বান জনায়।

চিৰাং