চিৰাঙৰ হিন্দু বসতিপ্ৰধান এলেকাত গো-মাংস উদ্ধাৰঃ এজনক আটক

চিৰাঙৰ হিন্দু বসতিপ্ৰধান এলেকাত গো-মাংস উদ্ধাৰঃ এজনক আটক
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ বাসুগাঁৱৰ ভুটিয়াপাৰাত ভগাছিগা সামগ্ৰীৰ গুদামৰ ভিতৰত মজুত কৰি ৰখা গো-মাংস উদ্ধাৰক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আজি দুপৰীয়া স্থানীয় যুৱক এজন বিশেষ কামৰ বাবে ভুটিয়াপাৰাৰ শিঙিমাৰী দলঙৰ কাষত থকা আনোৱাৰ হুছেইন নামৰ এজন ব্যক্তিৰ ভগাছিগা সামগ্ৰীৰ গুদামৰ ভিতৰত প্ৰৱেশ কৰে।

যুৱকজনে গুদামৰ ভিতৰত এটা কোঠালীত বুজন পৰিমানৰ মঙহ মজুত কৰি ৰখা দেখিবলৈ পাই সন্দেহ ওপজাত সোধপোছ কৰাত গুদামৰ কৰ্মৰত মহিলা এজনীয়ে প্ৰথমে পঠাৰ মঙহ বুলি কয় যদিও পিছত গো-মাংস বুলি স্বীকাৰ কৰে। যুৱকজনে মোবাইল ফোনেৰে সেই ভিডিও সংগ্ৰহ কৰি বাসুগাঁৱৰ আৰএচএচ নেতা কৰ্মী সকললৈ প্ৰেৰণ কৰে।

ইপিনে হিন্দু বসতিপ্ৰধান এলেকাত গো-মাংস উদ্ধাৰ হোৱাৰ বাতৰি লাভ কৰাৰ পিছত স্থানীয় আৰএচএচ সহ হিন্দুত্ববাদী সংগঠনৰ নেতা কৰ্মী সকলে ঘটনাস্থলীত উপস্থিত হৈ আনোৱাৰ হুছেইনৰ উক্ত গুদামত প্ৰৱেশ কৰি আনোৱাৰ হুছেইনক ঘেৰাও কৰি বিভিন্ন প্ৰশ্নবানেৰে ব্যতিব্যস্ত কৰি তোলে। ইয়াৰ মাজতেই ঘটনাস্থলীত শতাধিক লোক সমবেত হোৱাৰ খবৰ লাভ কৰি বাসুগাঁও থানাৰ পৰা আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হয়।

গো-মাংসক কেন্দ্ৰ কৰি পৰিস্থিতি অধিক অৱনমিত হোৱাৰ আগতেই প্ৰায় চাৰি কিলোগ্ৰাম গো-মাংস সহ আনোৱাৰ হুছেইনক আটক কৰি থানাত লৈ যায়। আৰক্ষীয়ে আনোৱাৰ হুছেইনক লৈ যোৱাৰ সময়ত উপস্থিত সংবাদ মাধ্যমৰ আগত তেওঁৰ গুদামত উদ্ধাৰ হোৱা মঙহখিনি গো-মাংস বুলি স্বীকাৰ কৰে।আজি আনোৱাৰ হুছেইনৰ গুদামত আলহী অহাৰ বাবে গো-মাংস খিনি কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ পৰা এজন লোকে দি গৈছে বুলি স্বীকাৰোক্তি দিয়ে।

ইপিনে আজি গো-মাংস উদ্ধাৰ হোৱা আনোৱাৰ হুছেইন ভগাছিগা সামগ্ৰী মজুত ৰখা গুদামত বেৰত বিজেপি দলৰ পতাকা আৰি থোৱা বিষয়টো লৈ উপস্থিত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এই সন্দৰ্ভত উপস্থিত যুৱক সকলে কয় যে এয়া আচলতে শাসকীয় দলৰ বিজেপিৰ দলীয় পতাকা আৰি দি লোকচক্ষুৰ আঁৰত দীৰ্ঘদিনৰ পৰা এই গুদামত অসামাজিক কাৰ্য্যকলাপ চলাই আছিল এইজন ধুবুৰী জিলাৰ আলমগঞ্জৰ বাসিন্দা ধূৰ্ত আনোৱাৰ হুছেইনে।

তদুপৰি স্থানীয় লোকৰ অভিযোগ হিন্দু লোকৰ বসতিপ্ৰধান এলেকাত এটা ব্যৱসায় প্ৰতিষ্ঠানত এনেদৰে মুকলিকৈ গো-মাংস আনি মজুত কৰি অইন ধৰ্মৰ মানুহৰ ধৰ্মীয় আৱেগত আঘাত হানিছে। তেখেতৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী কৰে। উল্লেখ্য যে ধুবুৰী জিলাৰ আলমগঞ্জৰ পৰা বাসুগাঁৱত আহি ভগাছিগা সামগ্ৰীৰ ব্যৱসায় আৰম্ভ কৰা আনোৱাৰ হুছেইনৰ গুদামত কৰ্মৰত কিছু সন্দেহজনক নাগৰিক তথা কৰ্মচাৰীৰ বিৰুদ্ধে এলেকাত চুৰিকাৰ্য্য দৰে বিভিন্ন অসামাজিক কাৰ্য্যকলাপ সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে।

এই সংক্ৰান্তত বাসুগাঁও থানাত কেইবাটাও গোচৰ পঞ্জীয়ন হৈছে বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে। এজনে ধুবুৰী জিলাৰ পৰা আহি বাসুগাঁও চহৰৰ ভুটিয়াপাৰাত গুদাম স্থাপন কৰি ভগাছিগা সামগ্ৰীৰ ব্যৱসায় কৰিবলৈ সুবিধা প্ৰদান কৰা ভূমিৰ গৰাকী স্থানীয় ভুটিয়াপাৰা এম ই স্কুলৰ সহকাৰী শিক্ষক তোৱাজ উদ্দিনৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে ভুটিয়াপাৰা গাঁৱৰ ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in