/asomiyapratidin/media/media_files/2025/06/16/f0Tj3RdkQ2y9WPjg9uMi.jpg)
ডিজিটেল সংবাদ, চিৰাং: কাজলগাঁও থানাৰ ডাংতল আৰক্ষী চকী এলেকাত এগৰাকী ১১ বছৰীয়া নাবালিকাক শাৰিৰীক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। এগৰাকী ৫০ বছৰীয়া বিকৃত মানসিকতাৰ লোকে ১১ বছৰীয়া নাবালিকা ফুচুলাই নি জংঘলত শাৰিৰীক নিৰ্যাতন চলোৱাৰ ঘটনা আজি পোহৰলৈ আহিছে।
ঘটনা সন্দৰ্ভত স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে যোৱা ৮ জুন দেওবাৰে গাঁৱৰে বাসিন্দা কাতিৰাম সুত্ৰধৰ (৫০) নামৰ লম্পট লোক এজনে এগৰাকী ১১ বছৰীয়া নাবালিকাক ফুচুলাই ওচৰৰে এখন জংঘলৰ ভিতৰত টানি লৈ বিভিন্ন ধৰণে ভয় ভাবুকি দি শাৰিৰীক নিৰ্যাতন চলায়।
লম্পট কাতিৰাম সুত্ৰধৰে নাবালিকা গৰাকীক ইমানেই ভয় ভাবুকি প্ৰদান কৰিছিল যে ভীতিগ্ৰস্ত হৈ নাবালিকা গৰাকীয়ে ভয়তে পিতৃ-মাতৃক অৱগত কৰিব পৰা নাছিল। কিন্তু কালি নাবালিকা গৰাকীয়ে খোজকঢ়াৰ সময়ত অস্বাভাৱিক আচৰণ দেখি ঘৰৰ লগতে ওচৰ চুবুৰীয়াৰ সন্দেহ ওপজাত তাইক ঘৰত মাতি নি সোধপোছ কৰাত ভুক্তভোগী কিশোৰী গৰাকীয়ে লম্পট কাতিৰাম সুত্ৰধৰৰ সকলো কু-কৃৰ্তিৰ বিৱৰি কোৱাৰ পিছত সকলো ঘটনা পোহৰলৈ আহে।
ইপিনে ভুক্তভোগী নাবালিকা গৰাকীৰ ৰক্তক্ষৰণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই তাইৰ উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে গাঁওবাসীয়ে। আজি গাঁৱৰ উত্তেজিত ৰাইজে কাতিৰাম সুত্ৰধৰক ঘৰৰ পৰা ধৰি আনি ক্লাবৰ খুটাত বান্ধি ৰাখি উত্তম মাধ্যম দিয়ে।
এই খবৰ লাভ কৰি ডাংতল আৰক্ষী চকীৰ পৰা আৰক্ষীৰ দল গাঁৱত আহি উপস্থিত হৈ কাতিৰাম সুত্ৰধৰক ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰে। ইপিনে নিৰ্যাতিতা নাবালিকাৰ পিতৃয়ে এই ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভুক্তভোগী নাবালিকা গৰাকীক স্বাস্থ্য পৰীক্ষাৰ উপৰি জবানবন্দী গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিছে।