/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/dfdf.jpg)
ডিজিটেল সংবাদ, চিৰাং, : বুধবাৰে নিশাৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত চিৰাং জিলাৰ সৰু বৰ জলাশয় জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত ঠায়ে ঠায়ে বানপানী সৃষ্টি হোৱাৰ উপৰি বাটপথৰ খহাই নিয়াৰ দৰে ঘটনা সংঘটিত হৈছে ।
চিদলী ৰাজহচক্ৰৰ অন্তৰ্গত ভুটিয়াপাৰাৰ মুখ্য পথছোৱা বাঢ়নী পানীয়ে উটুৱাই লৈ যোৱাৰ ফলত পথছোৱাৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ ৰূপে বিছিন্ন হৈ পৰিছে ।অঞ্চলটোৰ গুৰুত্বপূৰ্ণ পথছোৱা বানৰ পানীয়ে উটুৱাই লৈ যোৱাৰ ফলত প্ৰভাৱিত হৈছে গাঁওবাসী লগতে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী সকল। ইপিনে বাসুগাঁও আৰক্ষী থানাও কৃত্ৰিম বানপানীৰ কৱলত পৰিছে ।
অইন অইন বছৰৰ দৰে এইবেলিও বাসুগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ আবাসগৃহৰ পৰা আৰম্ভ কৰি অন্যান্য বিষয়া, কনিষ্টবলৰ আৱাসিক এলেকা জলমগ্ন হোৱাৰ ফলত আৰক্ষীৰ লগতে তেওঁলোকৰ পৰিয়াল বৰ্গই জীয়াতু ভুগিব লগাত পৰিছে । বাসুগাঁও চহৰৰ কেইবাখনো বিদ্যালয় বৰ্তমান কৃত্ৰিম বানৰ কবলত পৰিছে । তাৰে মাজত ২৪৮ নং বাসুগাঁও টাউন জে বি এল পি স্কুল, ৰজা অজিত নাৰায়ণ দেৱ হাইস্কুল অন্যতম । ইপিনে চিদলী ৰাজহচক্ৰৰ অন্তৰ্গত গৰুভাষাৰ লাউৰীপাৰাত মৰাভূৰ নৈৰ বাঢ়নী পানী নৈৰ দুয়োকাষে থকা শতাধিক পৰিয়ালৰ বাসগৃহত প্ৰৱেশ কৰি বান পৰিস্থিতিৰ সৃষ্টি কৰে ।
স্থানীয় লোকৰ অভিযোগ জলসিঞ্চন বিভাগে অবৈজ্ঞানিক ভাবে মৰাভূৰ নৈত শ্লুইচগেট নিৰ্মাণ কৰাৰ পিছৰে পৰা লাউৰীপাৰাত প্ৰতিবছৰে বানপানীৰ সৃষ্টি হয় আৰু তাৰ কুফল ভুগিব আছে লাউৰীপাৰাৰ বাসিন্দা সকলে অভিযোগ কৰে ।কাশিকোত্ৰাৰ পাথৰগাঁৱত বাঢ়নী পানীয়ে জলসিঞ্চন বিভাগৰ নলা এটা ভাঙি পানী ওলাই গৈ খেতিপথাৰৰ বিস্তৰ ক্ষতিসাধন কৰে । বাঢ়নী পানী খেতিপথাৰত প্ৰৱেশ কৰি কেইবা বিঘা ধানৰ বিধান বিনষ্ট কৰিছে ।
ইপিনে চিদলী ৰাজহচক্ৰৰ অন্তৰ্গত বাটাগাঁৱত চুটি নৈৰ তীব্ৰ গৰাখহনীয়া গাঁওবাসীক আতংকিত কৰি তুলিছে । চুটি নৈৰ গৰাখহনীয়াৰ ফলত বাটাগাঁৱৰ কেইবাশ বিঘা মাটি ইতিমধ্যেই নৈৰ বুকুত জাহ গৈছে । সম্প্ৰতি গৰাখহনীয়াই বাটাগাঁও খনলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে । তাৰ প্ৰতি লক্ষ্য ৰাখি গাওঁবাসীয়ে চৰকাৰলৈ অপেক্ষা নকৰি গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ নিজেই হাতে কামে লাগি পৰিছে । চিৰাঙৰ ৰাভাপাৰা পাহাৰতলী গাঁৱতো কুঁজীয়া নৈৰ বাঢ়নী পানীয়ে বানপানী সৃষ্টি কৰিছে । গাঁওখনৰ অৰ্দ্ধ শতাধিক লোকৰ ঘৰ বানপানীয়ে প্লাবিত কৰিছে ।
আৰু পঢ়ক: স্থান প্ৰাপকক অপমান কৰি কোন অধ্যক্ষক ননচেঞ্চ বুলি ক'লে শিক্ষামন্ত্ৰীয়ে ?