চিৰাঙৰ সুন্দৰীত হিতাধিকাৰীৰ মাজত গাহৰিৰ খাদ্য বিতৰণ

বৃহস্পতিবাৰে চিৰাং জিলাৰ সুন্দৰীত ৰাষ্ট্ৰীয় গাহৰি অনুসন্ধান কেন্দ্ৰৰ উদ্যোগত অনুসূচীত জাতিৰ হিতাধিকাৰীসকলৰ মাজত গাহৰিৰ খাদ্য বিতৰণ কৰা হয়

author-image
Asomiya Pratidin
New Update
AP FOR WEB PIG

ডিজিটেল সংবাদ, চিৰাং : বৃহস্পতিবাৰে চিৰাং জিলাৰ সুন্দৰীত ৰাষ্ট্ৰীয় গাহৰি অনুসন্ধান কেন্দ্ৰৰ উদ্যোগত অনুসূচীত জাতিৰ হিতাধিকাৰীসকলৰ মাজত গাহৰিৰ খাদ্য বিতৰণ কৰা হয়। গুৱাহাটীৰ ৰাণীস্থিত গাহৰি অনুসন্ধান কেন্দ্ৰ নামৰ সংস্থাৰ উদ্যোগত চিৰাং জিলাৰ চিদলী-চিৰাং উন্নয়ন খণ্ডৰ অন্তৰ্গত সুন্দৰী এম ই স্কুলত চৌহদত গাহৰি পালনৰ ওপৰত এক সজাগতামূলক সভা অনুষ্ঠিত কৰে ।

সজাগতা সভাত গাহৰিৰ পালনৰ ওপৰত বক্তব্য প্ৰদান কৰে সংস্থাৰ পশু চিকিৎসক ডা০ কল্যাণ দে আৰু ডা০ সতীশ কুমাৰে। গাহৰি পালকসকলৰ সহায়ক হ'ব পৰাকৈ বিভিন্ন পৰামৰ্শ আগবঢ়োৱা হয় ।

সজাগতা সভাত গাহৰি পালকসকলেও বিভিন্ন প্ৰশ্ন কৰি সহযোগ কৰে । আজিৰ এই সজাগতামূলক সভাত উন্নয়ন খণ্ড এলেকাৰ বাচনিভূক্ত ২১০ গৰাকী অনুসূচীত জাতিৰ হিতাধিকাৰীসকলৰ মাজত দুই বস্তাকৈ গাহৰি খাদ্য আৰু এটাকৈ জৰুৰীকালীনভাৱে ব্যবহাৰ কৰিব পৰা বিজুলী বাতি বিতৰণ কৰা হয়।

চিৰাং গাহৰি