ডিজিটেল সংবাদ, চিৰাং : বছৰৰ পিছত বছৰ ধৰি চলি অহা ভাৰতীয় ন্যায় ব্যৱস্থাৰ ধীৰগতিৰ প্ৰচলিত ধাৰাক নস্যাৎ কৰি চিৰাং জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তৰান্বিত বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে সকল গোচৰ নিষ্পত্তি কৰি এক নতুন ইতিহাস তথা নজিৰ গঢ়িবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতৰ মুখ্য ন্যায়িক দণ্ডাধীশ ডঃ নূপুৰ চন্দ্ৰ ভূঞাৰ আদালতত ৩১ ডিচেম্বৰ, ২০২৪ তাৰিখলৈকে তেওঁৰ আদালতত সকলো অমীমাংসিত গোচৰ তৰান্বিত বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে সফলতাৰে নিষ্পত্তি কৰিছে।
চিৰাং জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ দ্বাৰা গোচৰ সমূহৰ দক্ষ নিষ্পত্তিয়ে ভাৰতীয় ন্যায় ব্যৱস্থাত এক নজিৰ বিহীন আদৰ্শ স্থাপন কৰিবলৈ সক্ষম হৈছে। চিৰাং জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ এই সফলতাই কেৱল ভাৰতীয় ন্যায়িক প্রক্ৰিয়াৰ ওপৰত বিশ্বাস পুনৰুদ্ধাৰ কৰাই নহয়, আন আদালতবোৰেও এই আদৰ্শ অনুসৰণ কৰিব পাৰিব ভবা হৈছে ।
এই সফলতাই ন্যায়িক দক্ষতাৰ গুৰুত্ব আৰু নাগৰিকসকলক সময়মতে ন্যায় প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লক্ষণীয়ভাবে, ভাৰতীয় ন্যায়পালিকাৰ ইতিহাসত সম্ভৱতঃ এয়া প্রথমবাৰৰ বাবে যে এখন দণ্ডাধীশ আদালতে তেওঁৰ আদালতত নিষ্পত্তি নোহোৱা গোচৰ শূন্য স্থিতি অর্জন কৰিছে। চৰকাৰী অধিবক্তা নন্দিতা বসুমতাৰীয়ে এই সন্দৰ্ভত সদৰি কৰা মতে ২০২৪ বৰ্ষৰ জানুৱাৰীৰ পৰা নৱেম্বৰ ২০২৪ লৈ অসমত ন্যায়িক আদালতৰ জৰিয়তে অপৰাধীকৰণৰ হাৰ ২২.৬৮% শতাংশ। কিন্তু চিৰাং জিলাত ২০২৪ বৰ্ষৰ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰ লৈ এই অপৰাধীকৰণৰ হাৰ ২৩.২৯% শতাংশ ।
লক্ষণীয়ভাবে কেবল ডিচেম্বৰ মাহতে চিৰাং জিলা মুখ্য দণ্ডাধীশৰ আদালতত অপৰাধী কৰণৰ হাৰ ২৬.৮৯% শতাংশ। চিৰাং জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ এই সফলতাত আৰক্ষী বিভাগ, চৰকাৰী অধিবক্তা, প্ৰতিৰক্ষা অধিবক্তা, চিৰাং জিলা বাৰ এছ'চিয়েচন আৰু আদালতৰ কৰ্মচাৰী সকলৰ সহায় সহযোগিতা অবিহনে এই সাফল্য সম্ভব নহ'লহেঁতেন বুলি মন্তব্য কৰে ।
এই সাফল্যই চিৰাং জিলাৰ ন্যায়িক ব্যৱস্থাৰ নিষ্ঠা আৰু দক্ষতাৰ এক প্রমাণ দাখিল কৰিছে, যি অইন আদালতৰ বাবে এক দৃষ্টান্তমূলক মানদণ্ড স্থাপন কৰিব। এই ন্যায়িক ব্যৱস্থাৰ সৈতে জড়িত সকলো অংশীদাৰৰ সহযোগিতামূলক প্রচেষ্টাই এই ঐতিহাসিক কৃতিত্ব স্থাপন কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । এই সফলতাই নাগৰিক সকলক সময়মতে ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত ঐক্যবদ্ধ কাম আৰু প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰিছে বুলি দাবী কৰে ।