চৰকাৰী ভূমি নীতি বহিৰ্ভূত ভাৱে আবন্টন দিয়া বন্ধ কৰাৰ দাবীত বি পি এফ দলৰ অৱস্থান ধৰ্মঘট...

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান

author-image
Asomiya Pratidin
New Update
চৰকাৰী ভূমি নীতি বহিৰ্ভূত ভাৱে আবন্টন দিয়া বন্ধ কৰাৰ দাবীত বি পি এফ দলৰ অৱস্থান ধৰ্মঘট...

BPF chirang

ডিজিটেল সংবাদ, চিৰাংঃ চৰকাৰী ভূমি নীতি বহিৰ্ভূত ভাৱে বিভিন্ন দল সংগঠন তথা ব্যক্তি বিশেষক আবন্টন দিয়া কাৰ্য বন্ধ কৰাৰ দাবীত বুধবাৰে চিৰাং জিলাৰ সদৰ কাজলগাঁৱত জিলা বি পি এফৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত ৩ ঘন্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

Advertisment

এই সন্দৰ্ভত ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ বি পি এফৰ পাৰিষদ পানীৰাম ব্ৰহ্মই কয় যে বি টি চিত ইউ পি পি এলে চৰকাৰ গঠন কৰাৰ পিছৰে পৰা কাজলগাঁও পৌৰসভাৰ অন্তৰ্গত চৰকাৰী ভূমি সমূহ বিভিন্ন দল সংগঠনৰ উপৰি ব্যক্তি বিশেষৰ নামত যধে মধে আবন্টন দিয়া পৰিলক্ষিত হৈছে ।

তদুপৰি বিভিন্ন জনে ৰাজনৈতিক প্ৰভাৱ খটুৱাই চৰকাৰী ভূমি বেদখল কৰা দেখিবলৈ পোৱা গৈছে, যি কাৰ্যক আমি বি পি এফ দল তথা এই অঞ্চলৰ সচেতন লোকে মানি ল'ব পৰা নাই । এই বেআইনী কাৰ্যকলাপ বন্ধ কৰাৰ দাবীত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব লগাত পৰিছো ।

১৬ নং নিচিমা সমষ্টিৰ পাৰিষদ জেমচ বসুমতাৰীয়ে কয় যে বড়োলেণ্ড এলেকাৰ ৰাইজৰ বহু আন্দোলন তথা কষ্টৰ বিনিময়ত গঠন হোৱা বি টি চিৰ ৰাইজে এই ভূমিৰ অধিকাৰ লাভ কৰিছিল । জিলা সদৰ কাজলগাঁৱত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা কাৰ্যালয় আদিৰ বাবে আবন্টিত কৰি ৰখা চৰকাৰী ভূমি এতিয়া যধে মধে শাসকীয় পক্ষই কিছু ব্যক্তি তথা বেচৰকাৰী সংস্থাক আবন্টন দিয়া কাৰ্যক ধিক্কাৰ জনাই শীঘ্ৰে উক্ত ভূমি আবন্টন বাতিলৰ দাবী কৰে।

আগলৈ চৰকাৰী ভূমি যদি বি টি চিৰ শাসকীয় চৰকাৰে নীতি বহিৰ্ভূত ভাবে আবন্টন দিয়া বন্ধ নকৰে তেনেহলে আগন্তুক সময়ত ইয়াৰ বিৰুদ্ধে বৃহৎ গণতান্ত্ৰিক আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে বি পি এফ দলৰ এম চি এলে জেমছ বসুমতাৰীয়ে ।

ধৰ্মঘট কাৰ্যসূচীত ১৫ নং কাজলগাঁৱৰ এম চি এল এ পানীৰাম ব্ৰহ্ম,১৬ নং নিচিমাৰ এম চি এল এ জেমছ বসুমতাৰী সহ চিৰাং জিলা বি পি এফ দলৰ বিভিন্ন গোটৰ নেতা তথা সদস্য সদস্যা সকল উপস্থিত থাকে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত এই সন্দৰ্ভত জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

btc bpf uppl