ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ বাসুগাঁও চহৰৰ ষ্টেচনৰোডত কালি মাজনিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । তীব্ৰবেগত অহা দুই মটৰচাইকেল আৰোহীয়ে পথৰ দাঁতিত থকা বিদ্যুৎ পৰিবাহী তাৰৰ খুটাত মৰাৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা হয়। উক্ত পথ দুৰ্ঘটনাত AS 26F 8451পঞ্জীয়নৰ বাজাজ পালচাৰ মটৰচাইকেলৰ দুই আৰোহী নিবাৰণ বৰ্মন (২৪) আৰু বাদল দাস (২৩) গুৰুতৰ ভাৱে আহত হয় ।
পথ দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে বিদ্যুৎ পৰিবাহী তাঁৰৰ খুটিত খুন্দা মৰাৰ ফলত বিদ্যুৎ পৰিবাহী তাঁৰৰ খুটি ভাঙি দুই টুকুৰা হৈ বিদ্যুত পৰিবাহী তাঁৰ পথৰ ওপৰত সিচঁৰিত হৈ ফিৰিঙতিৰ সৃষ্টি হয় । ইপিনে পথ দুৰ্ঘটনাৰ প্ৰচণ্ড শব্দ শুনি পথৰ দুয়োকাষৰ আৱাসী সকল ওলাই আহে যদিও বৈদ্যুতিক তাৰৰ মাজত পৰি থকা আহত দুজনক কোনো সহায় আগবঢ়াব পৰা নাছিল।
পিছত স্থানীয় লোকে বিদ্যুত বিভাগ আৰু আৰক্ষীৰ লোকক খবৰ দিয়াত বিদ্যুত সংযোগ কৰ্তন কৰাৰ পিছত আহত নিবাৰণ বৰ্মনক সংকটজনক অৱস্থাত আৰক্ষীৰ লোকে উদ্ধাৰ কৰি প্ৰথমে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত লৈ যায় যদিও পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰে কিন্তু আজি পুৱতি নিশা চিকিৎসাধীন অৱস্থাত নিবাৰণ বৰ্মন অকাল মৃত্যুক আঁকোৱালি লয়।
তাৰ বিপৰীতে বাদল দাস নামৰ যুৱক জন বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে। বাসুগাঁও চহৰৰ সমীপৰ দুই নং বিজয়গাঁৱৰ বীৰেণ বৰ্মনৰ পুতেক নিবাৰণ বৰ্মন ডেকাৰেচনৰ কাম কৰিছিল। কালি নিশা বন্ধুৰ সৈতে মটৰচাইকেল দি চৈবাৰী বাগানত কৰম পূজা চাবলৈ যোৱাৰ সময়তে এই শোকাৱহ পথ দুৰ্ঘটনাৰ চিকাৰ হয় দুয়ো ।