নলাৰ ৰড ডিঙিত সোমাই গুৰুতৰ ভাবে আহত শিশু

স্থানীয় লোকৰ অভিযোগ কাজলগাঁও পৌৰসভা কতৃপক্ষ আৰু ঠিকাদাৰৰ হেমাহিৰ বাবেই এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে। ইয়াৰ আগতেও এই নিৰ্মীয়মান নলাত পৰি কেইবাজনো লোক আহত হৈছে।

author-image
Asomiya Pratidin
New Update
bn

ডিজিটেল সংবাদ, চিৰাং:  কাজলগাঁও পৌৰসভাৰ দুই নং ৱাৰ্ড বৰতালোৱাত শিহৰণকাৰী ঘটনা। পথৰ দাঁতিত নিৰ্মীয়মান নলাৰ ওলাই থকা লোৰ ৰড ডিঙিত সোমাই গুৰুতৰভাবে আহত এটি ছয় বছৰীয়া শিশু। স্থানীয় লোকে মুমূৰ্ষ অৱস্থাত শিশুটিক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে শিশুটিক।

Advertisment

ঘটনাক কেন্দ্ৰ কৰি এলেকাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ হৈছে। স্থানীয় লোকৰ অভিযোগ কাজলগাঁও পৌৰসভা কতৃপক্ষ আৰু ঠিকাদাৰৰ হেমাহিৰ বাবেই এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে। ইয়াৰ আগতেও এই নিৰ্মীয়মান নলাত পৰি কেইবাজনো লোক আহত হৈছে।

যোৱা দেৰ বছৰ ধৰি উপেন্দ্ৰনাথ গয়াৰী নামৰ ঠিকাদাৰ জনে এই পথৰ দুয়োকাষে নলা নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল কিন্তু শাসকীয় দলৰ আশীৰ্বাদপুষ্ঠ ঠিকাদাৰ জনে নলা নিৰ্মাণৰ কাম বন্ধ ৰাখি বিপদসংকুলভাৱে পেলাই ৰাখিছে বুলি স্থানীয় লোকে অভিযোগ কৰে।

যাৰ ফল ভুগিব লগা হৈছে দুই নং ৱাৰ্ডৰ ৰাইজ সকলে। স্থানীয় লোকৰ দাবী যিহেতু কাজলগাঁও পৌৰসভা কৰ্তৃপক্ষ আৰু ঠিকাদাৰৰ হেমাহিৰ বাবেই এই নিষ্পাপ শিশুটি গুৰুতৰ ভাবে আহত হৈ চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে।

চিকিৎসাধীন শিশুটিৰ সম্পূৰ্ণ চিকিৎসাৰ খৰচ পৌৰসভা কৰ্তৃপক্ষ নাইবা ঠিকাদাৰ গৰাকীয়ে বহন কৰিব লাগিব। লগতে আধৰুৱা তথা বিপদজনক অৱস্থাত পেলাই থোৱা নলাৰ কাম যদি অতি সোনকালে সম্পূৰ্ণ নকৰে তেনেহ'লে বৰতালোৱা অঞ্চলৰ ৰাইজে ইয়াৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে ।

চিৰাং