ডিজিটেল সংবাদ,চিৰাং: ১৯ চেপ্তেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় ৩.০ আঁচনি আনুষ্ঠানিক শুভাৰম্ভ কৰিছে যদিও চৰকাৰী ভাবে এই আঁচনি কাম-কাজ আৰম্ভ হোৱা নাই। কিন্তু চিৰাঙত ইতিমধ্যে দুষ্ট চক্ৰৰ দ্বাৰা অৰুণোদয় আঁচনিৰ ভুৱা প্ৰ-পত্ৰ বিলোৱাৰ নামত হিতাধিকাৰী সকলৰ পৰা টকা সংগ্ৰহ কৰি প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে।
সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় লোকে সদৰি কৰা মতে চিৰাং জিলাৰ বাসুগাঁও থানাৰ অন্তৰ্গত উলুবাৰী গাঁৱৰ বাসিন্দা তথা প্ৰাক্তন এবিএমছু নেতা আবুল হুছেইন মণ্ডলে বিগত দুদিন ধৰি অৰুণোদয় ৩.০ আঁচনিৰ ভুৱা প্ৰপত্ৰ বিলোৱাৰ নামত উলুবাৰী অঞ্চলৰ সহজ সৰল মহিলা সকলৰ পৰা ধন সংগ্ৰহ কৰা কৰি আছিলে।
এই খবৰ বিয়পি পৰাৰ পিছত স্থানীয় ইউপিপিএলৰ কৰ্মী আতোৱাৰ ৰহমান মণ্ডলৰ নেতৃত্বত কেইজনমান যুৱক আবুল হুছেইন মণ্ডলৰ বাসগৃহত উপস্থিত হয়। তেওঁলোকে ৰাইজৰ মাজত বিলাই থকা অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ সন্দৰ্ভত জানিব বিচৰাত আবুল হুছেইন মণ্ডলে কয় যে, এই প্ৰপত্ৰ তেখেত চিদলী-চিৰাং উন্নয়ন খণ্ড কাৰ্য্যালয়ৰ পৰা আনি জেৰক্স কৰি নিকটাত্মীয় মহিলা সদস্যাৰ মাজত বিতৰণ কৰিছে।
প্ৰপত্ৰ সমূহ ৰঙীন জেৰক্স কৰাৰ বাবদ সামান্য টকা লোৱা হৈছে বুলি স্বীকাৰোক্তি দিয়ে।কিন্তু আবুল হুছেইন মণ্ডলৰ এই উত্তৰত স্থানীয় লোকে সন্তুষ্ট নহৈ চিদলী-চিৰাং উন্নয়ন খণ্ড বিষয়া কুমুদ নাৰ্জাৰীৰ সৈতে যোগাযোগ কৰে। তেখেতে স্পষ্টকৈ জনাই দিয়ে যে অৰুণোদয় ৩.০ আঁচনিৰ প্ৰপত্ৰ বিলোৱাৰ কাম চৰকাৰী ভাবে এতিয়াও আৰম্ভ হোৱা নাই।
চৰকাৰে নতুন এচওপি প্ৰকাশ কৰাৰ পিছত অৰুণোদয় আঁচনিৰ কাম আৰম্ভ কৰা হব। এই স্পষ্টীকৰণ পোৱাৰ পিছত আবুল হুছেইন মণ্ডলৰ জোলোঙাৰ মেকুৰী ৰাইজৰ আগত ওলাই পৰে। তাৰ পিছত স্থানীয় ইউপিপিএল দলৰ কৰ্মী আৰু কিছু লোকে অৰুণোদয় আঁচনিৰ নামত ভুৱা প্ৰপত্ৰ বিলাই ধন সংগ্ৰহ কৰি ৰাইজৰ লগত প্ৰবঞ্চনা কৰা আবুল হুছেইন মণ্ডলৰ বিৰুদ্ধে বাসুগাঁও থানাত ফোনযোগে অভিযোগ কৰাত দুই পক্ষৰ মাজত তীব্ৰ বাকবিতণ্ডা আৰম্ভ হয়।
পিছত বাসুগাঁও থানাৰ পৰা আৰক্ষীৰ লোক উলুবাৰী গাঁৱত উপস্থিত হৈ আবুল হুছেইন মণ্ডলক সোধপোছৰ বাবে আটক কৰি থানালৈ লৈ যায়। ইপিনে বিয়লিৰ ভাগত স্থানীয় ইউপিপিএল কৰ্মী আতোৱাৰ ৰহমান মণ্ডলে অৰুণোদয় ৩.০ আঁচনিৰ ভুৱা প্ৰপত্ৰ বিলোৱাৰ নামত সহজ সৰহ মহিলা হিতাধিকাৰী সকলৰ পৰা ধন সংগ্ৰহ কৰি ৰাইজক প্ৰবঞ্চনা কৰা বুলি অভিযোগ উত্থাপন কৰি বাসুগাঁও আৰক্ষী থানাত এখনি এজাহাৰ দাখিল কৰে।
অভিযোগকাৰী সকলে এই এজাহাৰ প্ৰতিলিপি চিদলী-চিৰাং উন্নয়ন খণ্ড বিষয়া কাৰ্য্যালয়ৰ উপৰি জিলা আয়ুক্ত পি, বিজয় ভাস্কৰ ৰেড্ডীকো অৰ্পণ কৰিব বুলি জানিব পৰা গৈছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আবুল হুছেইন মণ্ডলে সাংবাদিক সকলৰ আগত কয় যে, তেখেতৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ মিছা। উলুবাৰী অঞ্চলৰ কিছু লোকে ষড়যন্ত্ৰমূলক ভাবে মিথ্যাচাৰৰ আশ্ৰয় লৈ তেখেতক জনমানসত বদনাম কৰাৰ কামত নামি পৰিছে বুলি উলোটাই অভিযোগ কৰে।