মাত্ৰ ২৫,০০০ ভোটে বিজেপিৰ বাবে বিপদ মাতিব পাৰেঃ চিৰাগ পাশৱান

বিগত সময়ছোৱাত পাশৱানে বিজেপিক সহযোগিতা আগবঢ়াইছিল যদিও শেহতীয়াকৈ আসন আবণ্টনক লৈ তেওঁলোকৰ মাজত কিছু উত্তেজনা পৰিলক্ষিত হৈছে। চিৰাগৰ এই সতর্কবাণীয়ে বিজেপিৰ ওপৰত প্ৰত্যক্ষ চাপ সৃষ্টি কৰিছে বুলি বিশ্লেষকসকলে ধাৰণা কৰিছে।

New Update
WhatsApp Image 2025-09-16 at 6.08.31 PM

ডিজিটেল ডেস্কঃ  লোক জনশক্তি পাৰ্টি (ৰাম ভিলাছ)ৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাশৱানে বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰৰ শাসকীয় বিজেপি-জেডিইউৰ মিত্ৰজোঁটক লক্ষ্য কৰি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেওঁ কয়, “মাত্ৰ ২৫,০০০ ভোটৰ ব্যৱধানে বিজেপিৰ বাবে বিপদ সৃষ্টিৰ কাৰণ হব পাৰে।”

বিগত সময়ছোৱাত পাশৱানে বিজেপিক সহযোগিতা আগবঢ়াইছিল যদিও শেহতীয়াকৈ আসন আবণ্টনক লৈ তেওঁলোকৰ মাজত কিছু উত্তেজনা পৰিলক্ষিত হৈছে। চিৰাগৰ এই সতর্কবাণীয়ে বিজেপিৰ ওপৰত প্ৰত্যক্ষ চাপ সৃষ্টি কৰিছে বুলি বিশ্লেষকসকলে ধাৰণা কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী পাশৱানৰ মতে, বিজেপিয়ে যদি সঠিক সময়ত সহযোগী দলসমূহক সন্মান নকৰে, তেন্তে ভোটৰ ক্ষুদ্ৰ ব্যৱধানেও বিজেপিৰ বিপৰীত ফল দিব পাৰে। তেওঁ লগতে কয়, ‘মই শাক-পাচলিৰ ওপৰত নিমখৰ দৰে। মই প্ৰতিটো সমষ্টিতে ২০ৰ পৰা ২৫ হাজাৰ ভোটত প্ৰভাৱ পেলাৱ পাৰো।

উল্লেখ কৰা প্ৰয়োজন যে, বিহাৰৰ ২৪৩ খন আসনতকৈ অধিক আসনৰ বাবে শ্ৰী পাশৱানে চেষ্টা চলাই আহিছে। ২০২০ চনৰ নিৰ্বাচনত এলজেপিয়ে ১৩৫খন আসনৰ মাত্ৰ এখন আসনহে দখল কৰিছিল। কিন্তু ২০২৪ চনৰ লোকসভা নিৰ্বাচনত চিৰাগ পাশৱানৰ এলজেপিয়ে পাঁচখন আসনতে জয়লাভ কৰিছিল।

বিজেপি