/asomiyapratidin/media/media_files/2025/06/04/G1P8tEBfSwDxbvwn5xpQ.jpg)
ডিজিটেল ডেস্কঃ আই পি এল ২০২৫ ৰ চেম্পিয়ন আৰ চি বিক আদৰিবলৈ এম চিন্নাস্বামী ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰত সমবেত হৈছিল বহু অনুৰাগী। কিন্তু ষ্টেডিয়ামত প্ৰৱেশৰ বাবে গেট খোলাৰ লগে লগে অনুৰাগীৰ মাজত হুলস্থুলৰ সৃষ্টি হয়। নিমিষতে আনন্দৰ মুহূৰ্ততো কৰুণ ঘটনালৈ পৰ্যবসিত হয় ৷
প্ৰাপ্ত তথ্য অনুসৰি অনুৰাগীৰ ভিৰৰ ফলত উক্ত স্থানত পদপিষ্টৰ ঘটনা সংঘটিত হয়। এই ঘটনাত ১১ জন অনুৰাগীৰ মৃত্যু হয়। একে সময়তে আহত হয় বহু লোক। জানিব পৰা মতে, ষ্টেডিয়ামৰ বাহিৰত হোৱা ভিৰৰ বাবে অনুৰাগীয়ে ভিতৰত সোমাবলৈ বেৰৰ ওপৰেৰে জপিয়াই পৰিছিল।
বহু ভিজুৱেলত দেখা গৈছিল যে অনুৰাগীয়ে গছত উঠিও ষ্টেডিয়ামত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল।
ষ্টেডিয়ামৰ ১ নং গেটৰ সমীপত সংঘটিত হয় পদপিষ্টৰ ঘটনা। চিন্নাস্বামী ক্ৰিকেট ষ্টেডিয়াম পোৱাৰ পূৰ্বে আৰ চি বিৰ খেলুৱৈ বিধানসভাত উপস্থিত হৈছিল। য'ত মুখ্যমন্ত্ৰীয়ে সকলো খেলুৱৈক সন্মান জনায়। ইয়াৰ পিছতে খেলুৱৈ সকলৰ টিম বাছখন ষ্টেডিয়ামলৈ ৰাওনা হয়।
উল্লেখ্য যে, বুধবাৰে কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাৰ উদ্যোগত আৰ চি বি দলৰ বাবে ষ্টেডিয়ামত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অৱশেষত অনুৰাগীৰ ভিৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰি আৰক্ষীয়ে লাঠীচালনা কৰিছিল যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয়। ঘটনাত মৃত তথা আহত লোকসকলৰ পৰিচয় পোহৰলৈ অহা নাই ৷