/asomiyapratidin/media/media_files/2025/06/20/germany-rabe-2025-06-20-12-22-02.jpg)
ডিজিটেল ডেস্কঃ জাৰ্মানীৰ চীনৰ লগত হোৱা এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সহযোগিতাৰ অংশ হিচাপে চীনে জাৰ্মানীৰ কৃষি ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি কৰিছে। তাৰ অংশ হিচাপে জাৰ্মানীৰ ঐতিহ্যবাহী কৃষি যন্ত্ৰপাতি নিৰ্মতা কোম্পানী ৰাবেক চীনৰ বৃহৎ কৃষি সঁজুলি নিৰ্মাতা প্ৰতিষ্ঠান Zoomlion এ অধিগ্ৰহণ কৰিছে।
উল্লেখ্য যে, পৰিয়াল চালিত সফল উদ্যোগ হিচাপে পৰিচিত জাৰ্মানীৰ ৰাবে নামৰ এই কৃষি সঁজুলি নিৰ্মাতা কোম্পানীটোৱে পৰৱৰ্তী প্ৰজন্মৰ ব্যৱস্থাপনাগত অভাৱ আৰু বিত্তীয় অসন্তলনত জৰ্জৰিত হৈ দেউলীয়া হৈ পৰিছিল। কিন্তু চীনৰ Zoomlion-এ এই প্ৰতিষ্ঠানটো অধিগ্ৰহণ কৰাত ই পুনৰ জীৱন লাভ কৰিছে।
উন্নত প্ৰযুক্তিৰ সহায়ত নতুন প্ৰডাক্ট লাইনৰ উন্নয়ন কৰি চীনৰ বজাৰতো প্ৰৱেশ কৰিছে।উল্লেখ্য যে, জাৰ্মানীত চীনৰ বিনিয়োগে আৰম্ভণিতে সন্দেহৰ সৃষ্টি কৰিছিল। কিন্তু এতিয়া Zoomlion-এ ৰাবেক আধুনিক উৎপাদন প্ৰক্ৰিয়া, নতুন উদ্ভাৱন আৰু ইউৰোপীয় বজাৰত প্ৰতিযোগিতামূলক ৰূপে পুনঃ সংস্থাপন কৰিবলৈ সহায় কৰিছে।
এই অংশীদাৰিত্বৰ জৰিয়তে চীনৰ কৃষিযন্ত্ৰসমূহে ৰাবেৰ বিদ্যমান বিতৰণ নেটৱৰ্কৰ সহায়ত ইউৰোপীয় বজাৰত প্ৰৱেশ কৰিছে। চীনত উৎপাদন খৰচ কম হোৱাৰ ফলত, এই যন্ত্ৰসমূহক ইউৰোপীয় মানদণ্ড অনুসৰি মান্যতা আৰু ব্যৱহাৰযোগ্য হিচাপে নিৰ্মাণ কৰা হৈছে।
বিদেশী বিনিয়োগৰ বাবে উদ্বেগ থাকিলেও, ৰাবে কোম্পানীত চীনাৰ বিনিয়োগে কৰ্মচাৰীৰ চাকৰি ৰক্ষা, নতুন উদ্ভাৱনক উৎসাহিত কৰা আৰু এটা ঐতিহাসিক জাৰ্মান উদ্যোগক ৰক্ষা কৰাৰ এক সফল উদাহৰণ হিচাপে পৰিগণিত হৈছে।
এই ধৰণৰ অংশীদাৰিত্বই প্ৰযুক্তিগত অগ্ৰগতি, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু প্ৰতিযোগিতা বৃদ্ধি কৰিব পাৰে। যদিও দীৰ্ঘকালীন নিয়ন্ত্ৰণ আৰু অৰ্থনৈতিক নিৰ্ভৰশীলতা সন্দৰ্ভত চিন্তা অব্যাহত আছে, সতর্কতা আৰু সুশাসিত অংশীদাৰিত্ব জাৰ্মানিৰ উদ্যোগিক স্বাৰ্থ সুৰক্ষা নিশ্চিত কৰাৰ লগতে বিশ্ববজাৰৰ পৰা লাভ উঠাবলৈ সহায় কৰিব।