ছি জিনপিঙৰ সৰ্ববৃহৎ নদীবান্ধক প্ৰতিহত কৰিবলৈ সাজু ভাৰত...

চিয়াং নদীবান্ধে চীনৰ বৃহৎ প্ৰকল্পৰ প্ৰতিৰোধ কৰিব। এই বান্ধটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হ'ব। আমি প্ৰথমে এটা পিভিআৰ নিৰ্মাণ কৰিম। যদি প্ৰকল্পটো লাভজনক প্ৰমাণিত হয় তেতিয়াহে বান্ধটো নিৰ্মাণ কৰা হ'ব।

author-image
Asomiya Pratidin
New Update
fyujy

ডিজিটেল ডেস্কঃ  ছি জিনপিং নেতৃত্বাধীন চীনা চৰকাৰে তিব্বতৰ য়াৰলুং চাংপো নদীৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ বান্ধ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে। এই নদীখনক অৰুণাচল প্ৰদেশত চিয়াং বুলি কোৱা হয়। ইয়াৰোপৰি, ইয়াক অসমত ব্ৰহ্মপুত্ৰ আৰু বাংলাদেশত যমুনা বুলি জনা যায়। তিব্বতীয় মালভূমিত নিৰ্মাণ কৰা এই বান্ধটোৱে ভাৰত আৰু বাংলাদেশৰ লাখ লাখ লোকক প্ৰভাৱিত কৰিব।

লগতে বান্ধটোৱে ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা আৰু পৰিৱেশকো প্ৰভাৱিত কৰিব। সম্ভৱতঃ এই বান্ধটো আকস্মিক বান বা পানীৰ অভাৱৰ কাৰণ হ'ব পাৰে। তদুপৰি, ই যুদ্ধ ক্ষেত্ৰত চীনক এক গুৰুত্বপূৰ্ণ সুবিধা প্ৰদান কৰিব পাৰে। 

এই সন্দৰ্ভত অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চোনা মেইনে কয় যে, চিয়াং বান্ধে চীনৰ বৃহৎ প্ৰকল্পৰ প্ৰতিৰোধ কৰিব। এই বান্ধটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হ'ব। আমি প্ৰথমে এটা পিভিআৰ নিৰ্মাণ কৰিম। যদি প্ৰকল্পটো লাভজনক প্ৰমাণিত হয় তেতিয়াহে বান্ধটো নিৰ্মাণ কৰা হ'ব।

উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাত প্ৰস্তাৱিত 'চিয়াং জলবিদ্যুৎ প্ৰকল্প'ত ১১,০০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ সম্ভাৱনা আছে। ইফালে চিয়াং বান্ধ প্ৰকল্পক লৈ তীব্ৰ বিৰোধিতা প্ৰদৰ্শন কৰিছে আৱাসী সকলে। ৩৫০ ৰো অধিক ব্যক্তি আৰু সংগঠনে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক বান্ধ জৰীপৰ বাবে অৰুণাচল প্ৰদেশলৈ প্ৰেৰণ কৰা অৰ্ধসামৰিক বাহিনী প্ৰত্যাহাৰৰ আহ্বান জনাইছে।

চিয়াং ইণ্ডিজেনাছ ফাৰ্মাৰ্ছ ফ'ৰাম (এছআইএফএফ)ৰ বেনাৰত কেইবাখনো গাঁৱৰ লোকে বান্ধটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে কয় যে, প্ৰকল্পটোৱে হাজাৰ হাজাৰ লোকক স্থানচ্যুত কৰিব আৰু পৰিৱেশৰ ক্ষতি কৰিব।

ইফালে ব্ৰহ্মপুত্ৰৰ ওপৰত বৃহৎ বান্ধ নিৰ্মাণৰ চীনৰ পৰিকল্পনাই সমগ্ৰ পৰিৱেশতন্ত্ৰক ভংগ কৰাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত ভাৰতে ইতিমধ্যে বেইজিংক ইয়াৰ উদ্বেগৰ বিষয়ে অৱগত কৰা বুলি অসমৰ মুখ্যমন্ত্ৰী মহন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।

নদীবান্ধ