আপোনাৰ সন্মুখত উৰি আছে নেকি মহ? সাৱধান আপোনাক লক্ষ্য কৰি থাকিব পাৰে শত্ৰুৱে...

ঘৰুৱা প্ৰযুক্তিৰে বিশ্ববাসীক চমকিত কৰি অহা চীনে প্ৰতিৰক্ষা খণ্ডক অধিক শক্তিশালী কৰি এইবাৰ নিৰ্মাণ কৰি উলিয়াইছে এটা বিশেষ ড্ৰোণ। দেখাত ড্ৰোণৰ পৰিবৰ্তে ই এটা সাধাৰণ মহহে।

author-image
Asomiya Pratidin
New Update
আপোনাৰ সন্মুখত উৰি আছে নেকি মহ? সাৱধান আপোনাক লক্ষ্য কৰি থাকিব পাৰে শত্ৰুৱে...

ডিজিটেল ডেস্কঃ সাৱধান, আপোনাৰ কাষত উৰি উৰি ফুৰা অথবা আপোনাৰ গাত আহি পৰা মহটো হয়তো মহ নহ’বও পাৰে। আপোনাৰ অজ্ঞাতে আপোনাৰ সকলো কাম-কাজ সেই ম’হটোৰ জৰিয়তেই হয়তো নিৰীক্ষণ কৰি আছে শত্ৰু দেশৰ কোনোবাই। 

Advertisment

নিজা প্ৰযুক্তিৰে ইতিমধ্যে বিশ্বত এখন সম্ৰাজ্য গঢ়িবলৈ সক্ষম হোৱা, প্ৰতিদিনেই ঘৰুৱা প্ৰযুক্তিৰে বিশ্ববাসীক চমকিত কৰি ৰখা চীনে নিজৰ প্ৰতিৰক্ষা খণ্ডক অধিক শক্তিশালী কৰি এইবাৰ নিৰ্মাণ কৰি উলিয়াইছে এটা বিশেষ ড্ৰোণ। দেখাত ড্ৰোণৰ পৰিবৰ্তে ই এটা সাধাৰণ মহহে।

কাৰণ মহৰ আঁকৃতিৰ এই ড্ৰোণৰ দৈৰ্ঘ্য মাত্ৰ ১ চেঃমি। ইতিমধ্যে চীনৰ সামৰিক প্ৰচাৰ মাধ্যম CCTV-7 যোৱা ২০ জুনত এই অত্যাধুনিক বায়নিক ড্ৰোণ প্ৰদৰ্শন কৰা হৈছে। এটা ম’হৰ দৰেই দেখিবলৈ এই বায়নিক ড্ৰোণ নিৰ্মাণ কৰিছে চীনা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ ছাত্ৰই।

বিশ্ববিদ্যালয়খনৰ ছাত্ৰ লিয়াং হে শিয়াঙে এই ড্ৰোণখন প্ৰদৰ্শন কৰিছে। তেওঁ ড্ৰোণখন দেখুৱাই কয়, "মোৰ হাতত থকা মহৰ আকৃতিৰ এইটো এটা ৰবট। এইধৰণৰ ক্ষুদ্ৰ বায়নিক ৰবটবোৰ তথ্য সংগ্ৰহ আৰু বিশেষ সামৰিক অভিযানত বিশেষ উপযোগী হ’ব।”

প্ৰায় ১ ছেন্টিমিটাৰ দীঘল আৰু মাত্ৰ ০.৩ গ্ৰাম ওজনৰ এই মহৰ ৰূপৰ ড্ৰোণখনত আছে দুটা অতি সৰু পাখি। আছে মহৰ দেহত থকাৰ দৰেই ভৰিও। প্ৰকাশিত খবৰ অনুসৰি এই ক্ষুদ্ৰ ড্ৰোণখনৰ পাখিবোৰে প্ৰতি ছেকেণ্ডত ৫০০ বাৰ পৰ্যন্ত কোবাব পাৰে।

এই ক্ষুদ্ৰ ড্ৰোণখনৰ জৰিয়তে অতি গোপনে অথচ মুকলিকৈয়ে যিকোনো বিষয়ত দৃষ্টি ৰাখিব পাৰে। ইয়াত সামৰিক উদ্দেশ্যৰ বাবে বিভিন্ন ধৰণৰ চেন্সৰ সংলগ্ন কৰা হৈছে। দক্ষিণ চীন মৰ্নিং পোষ্টৰ মতে, এই ড্ৰোণ নিৰ্মাণৰ দলটোৱে স্মাৰ্টফোনৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰে।

বিশ্লেষকসকলৰ মতে এই ড্ৰোণখনৰ আকৃতি অতি ক্ষুদ্ৰ হোৱাৰ বাবে সাধাৰণ ৰাডাৰে ইয়াক ধৰিব নোৱাৰে। উল্লেখ্য যে, এই ধৰণৰ ক্ষুদ্ৰ ড্ৰোণসমূহ আধুনিক যুদ্ধক্ষেত্ৰত দিনকেদিনে অধিক প্ৰচলিত হ’বলৈ আৰম্ভ কৰিছে।

বিশ্বৰ বহুকেইখন দেশে এনেধৰণৰ ক্ষুদ্ৰ ড্ৰোণ নিৰ্মাণত গুৰুত্ব প্ৰদান কৰিছে। নৰৱেৰ ‘ব্লেক হৰনেট’ নামৰ হেলিকপ্টাৰ-আকৃতিৰ ক্ষুদ্ৰ ইউ এ ভি ইতিমধ্যে আমেৰিকাৰ সামৰিক বাহিনীসহ কেইবাটাও দেশৰ সৈন্যবাহিনীত ব্যৱহৃত হৈছে। এই পকেট আকৃতিৰ ড্ৰোণে কেমেৰা আৰু থাৰ্মেল ইমেজিং ব্যৱহাৰ কৰি দ্রুত আৰু গোপনে দৃষ্টি ৰাখিব পাৰে।

২০০৬ চনত, আমেৰিকাৰ ডাৰ্পা (DARPA) নামৰ গোপন সামৰিক গৱেষণা সংস্থায়ো HI-MEMS (Hybrid Insect Micro-Electro-Mechanical Systems) নামৰ এক প্ৰকল্প আৰম্ভ কৰিছিল। য’ত জীৱিত পোক-পতঙ্গৰ ভিতৰত মাইক্ৰো-চিপ সংস্থাপন কৰি ‘ইনচেক্ট চাইবৰ্গ’ বনোৱাৰ প্ৰয়াস কৰিছিল।

এই বায়নিক ড্ৰোণসমূহে সামৰিক জগতত গুপ্তচৰ, টাৰ্গেট ট্ৰেকিং আৰু তথ্য সংগ্ৰহৰ ক্ষেত্ৰত এটা নতুন যুগৰ সূচনা কৰিছে।

 

চীন drone