/asomiyapratidin/media/media_files/2025/07/03/rfrff-2025-07-03-11-25-21.jpg)
ডিজিটেল ডেস্কঃ গোপনে যেন তৃতীয় বিশ্বযুদ্ধৰ বাবে সাজু হৈছে ৰঙা চীন। বেইজিঙৰ পৰা প্ৰায় ২০মাইল দুৰত্বত অৱস্থিত চীনৰ দক্ষিণ-পশ্চিম এক বিশাল অঞ্চলত চীনে নিৰ্মাণ কৰিছে সুবিশাল সেনাৰ এক অত্যাধুনিক বিশেষ চাউনী। এই চাউনীটোৰ ভিতৰতে আছে সকলো ব্যৱস্থা।
আন্তৰাষ্ট্ৰীয় এক সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, চীনে নিৰ্মাণ কৰি থকা এই সেনা চাউনীটো হৈছে আমেৰিকান সেনাৰ হেড কোৱাৰ্টাৰ পেন্টাগণতকৈ প্ৰায় ১০গুণ ডাঙৰ। আমেৰিকাই চীনৰ এই খবৰ পোৱাৰ পাছতে সদৰি কৰিছে যে, চীনে ইয়াত কেৱল সেনাৰ কাৰ্যকলাপ নহয় পৰমাণু ক্ষেপনাস্ত্ৰৰ পৰীক্ষণৰ দৰে ভিন্ন পৰীক্ষা-নিৰীক্ষা কৰিব।
সেনাৰ বাবে সকলো সুবিধা উপলদ্ধ কৰা হৈছে চীনৰ এই বিশেষ সেনা চাউনীটোত। সাধাৰণ লোক নাইবা আকাশত ড্ৰোণ প্ৰৱেশতো বাধা আছে এই বিশেষ অঞ্চলটোত। এক কথাত কবলৈ গ'লে চীনে এই বিশেষ সেনা চাউনীটো চীনা সেনা হেড কোৱাৰ্টাৰ হিচাপে ব্যৱহাৰ কৰিব।
ইফালে চীনে এই বিশেষ চাউনীটোত অত্যাধুনিক বাংকাৰৰ ব্যৱস্থা কৰিছে । এই বাংকাৰত থাকিলে পৰমাণু ক্ষেপনাস্ত্ৰইও কোনো ক্ষতি কৰিব নোৱাৰে। উল্লেখ কৰা প্ৰয়োজন যে, ২০২৪ৰ মাজভাগৰ পৰা এই বিশেষ প্ৰকল্পটোৰ কাম কাজ আৰম্ভ হৈছিল।
বিশেষজ্ঞসকলে মতপোষণ কৰিছে যে, এই সেনা চাউনীটো মাটিৰ ওপৰত যিমান ডাঙৰ অট্টালিকা নিৰ্মাণ কৰা হৈছে, মাটিৰ তলত তাতকৈ দুগুণ কাম কৰা হৈছে। এই চাউনীটোত প্ৰৱেশৰ বাবে মূল পথৰ উপৰিও বহুকেইটা সুৰংগৰ ব্যৱস্থা কৰিছে চীনে।
ইফালে এই বিষয়টোক লৈ চীনে কোনো আনুষ্ঠানিক তথ্য সদৰি কৰা নাই। যদিহে এই প্ৰকল্পটোৰ কাম ভালে ভালে হৈ যায় তেন্তে বিশ্বৰ সবাতোকৈ ডাঙৰ সেনা চাউনী হব চীনৰ এই বিশেষ প্ৰকল্পটো। এতিয়ালৈকে আমেৰিকান সেনাৰ পেন্টাগন সেনা চাউনীটোৱেই হৈছে বিশ্বৰ সৰ্ববৃহত সেনা চাউনী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us