২০২৫লৈ ১০০টা উপগ্ৰহ মহাকাশলৈ পঠিওৱাৰ লক্ষ্য চীনৰ…

২০২৫লৈ ১০০টা উপগ্ৰহ মহাকাশলৈ পঠিওৱাৰ লক্ষ্য চীনৰ…

author-image
asomiyapratidin
New Update
২০২৫লৈ ১০০টা উপগ্ৰহ মহাকাশলৈ পঠিওৱাৰ লক্ষ্য চীনৰ…

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ২০২৫চনলৈ প্ৰায় ১০০টা উপগ্ৰহ মহাকাশলৈ প্ৰক্ষেপ কৰাৰ পৰিকল্পনা কৰিছে চীনে। চীনৰ ৰাষ্ট্ৰীয় মহাকাশ প্ৰশাসনৰ এগৰাকী বিষয়াই জনায় এই কথা। বিশ্ব আৰ্থিক মঞ্চৰ এক সমীক্ষা অনুসৰি, ২০২২চনলৈ নিজৰ স্পেচ ষ্টেচন বনোৱাৰ পৰিকল্পনা কৰাৰ উপৰিও মহাকাশত বৰ্তমানলৈ প্ৰায় ২৮০টা উপগ্ৰহ চীনে প্ৰক্ষেপ কৰিছে।

Advertisment

কিন্তু এই তালিকাত বহু পিছ পৰি আছে ভাৰত। ২০১৮চনৰ নবেম্বৰলৈ মহাকাশত ভাৰতৰ মাত্ৰ ৫৪ উপগ্ৰহহে স্থাপন কৰা হৈছে। ইফালে, আমেৰিকা আছে এই তালিকাৰ শীৰ্ষত। আমেৰিকাৰ ৮৩০টা উপগ্ৰহ আছে মহাকাশত।

চীনে মহাকাশত উপগ্ৰহ নিৰ্মাণ কৰাৰ লগতে দেশখনক আৰ্থিকভাৱে আৰু অধিক সবল কৰাৰ বাবে এনেধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে। এগৰাকী ৰাষ্ট্ৰীয় মহাকাশ প্ৰশাসনৰ বিষয়াই জনায় যে, ২০১৮ত ৩৯টা মহাকাশ মিছনৰ পাছত চীনে গঢ়ে অভিলেখ।