জন্মৰ হাৰ বৃদ্ধিৰ উদ্দেশ্যে! প্ৰতি শিশুৰ বাবে বছৰি ৪৫,০০০ টকা...

চীনে দেশৰ কমি অহা জন্মহাৰ আৰু জনসংখ্যা সংকটৰ মোকাবিলা কৰিবলৈ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ৰাষ্ট্ৰীয় শিশু যতন অন্ত্ৰভুক্তি প্ৰকল্প ঘোষণা কৰা হৈছে। ২০২৫ চনৰ ১ জানুৱাৰীৰ

author-image
Asomiya Pratidin
New Update
6ytt

ডিজিটেল ডেস্কঃ চীনে দেশৰ কমি অহা জন্মহাৰ আৰু জনসংখ্যা সংকটৰ মোকাবিলা কৰিবলৈ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ৰাষ্ট্ৰীয় শিশু যতন অন্ত্ৰভুক্তি প্ৰকল্প ঘোষণা কৰা হৈছে। ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা প্ৰতিটো তিনি বছৰৰ তলৰ শিশুৰ বাবে পৰিয়ালসমূহে বছৰি ৩,৬০০ ইউৱান (প্ৰায় ৪৫,০০০ টকা) পাব।

Advertisment

এই সাহায্য শিশুটিৰ তিনি বছৰ বয়স হোৱালৈকে অব্যাহত থাকিব, যাৰ লক্ষ্য হৈছে পৰিয়ালৰ আৰ্থিক বোজা হ্ৰাস কৰি জন্মৰ হাৰ বৃদ্ধি কৰা। ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ মতে, এই পৰিকল্পনা এটা "গুৰুত্বপূৰ্ণ জাতীয় জীৱিকা নীতি"। এই প্ৰকল্পৰ দ্বাৰা ২ কোটিতকৈ অধিক পৰিয়াল উপকৃত হ’ব বুলি আশা কৰা হৈছে।

সাহায্যসমূহ ব্যক্তিগত আয়কৰৰ পৰা মুক্ত আৰু ইয়াক নূন্যতম জীৱিকা ভাৰাৰ গণনাতো অন্তৰ্ভুক্ত কৰা নহ’ব। চীনৰ জন্মৰ হাৰ বিগত বৰ্ষত ১.২ লৈ বৃদ্ধি পালেও, ই এতিয়াও জনসংখ্যা স্থিতিশীল কৰি ৰখাৰ বাবে প্ৰয়োজনীয় ২.১ৰ তুলনাত যথেষ্ট কম।

শিশু পালন আৰু শিক্ষাৰ উচ্চ ব্যয়, চাকৰিৰ নিৰাপত্তাহীনতা আৰু মন্দাৱস্থাত থকা অৰ্থনীতিয়ে তৰুণ-তৰুণীসকলক বিবাহ আৰু সন্তান জন্মৰ পৰা নিৰুৎসাহিত কৰিছে। ২০১৬ চনত এক সন্তান নীতিৰ অৱসানৰ পাছতো জন্মৰ হাৰ বৃদ্ধিৰ প্ৰচেষ্টা সফল হোৱা নাই।

হুবেই প্ৰদেশৰ তিয়ানমেন চহৰত স্থানীয় সাহায্যৰ ফলত জন্মৰ হাৰ বৃদ্ধি পাইছিল, যাৰ পৰা প্ৰেৰণা লৈ এই ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰা হৈছে। তথাপি, জনসংখ্যা বিশেষজ্ঞ এমা জাঙৰ মতে, শিশু যতন, পিতৃ-মাতৃৰ ছুটী আৰু মহিলাৰ বাবে চাকৰিৰ সুৰক্ষাৰ দৰে গাঁথনিগত বিনিয়োগ অবিহনে এই প্ৰকল্পৰ প্ৰভাৱ ন্যূনতম হ’ব।

ভাৰততো সম্প্ৰতি জন্মহাৰ হ্ৰাসৰ সমস্যা দেখা দিছে, বিশেষকৈ নগৰীয়া অঞ্চলত, য’ত তৰুণ দম্পতীয়ে আৰ্থিক চাপৰ বাবে সন্তান জন্মৰ পৰা বিৰত থকা দেখিবলৈ পোৱা গৈছে।

চীন