/asomiyapratidin/media/media_files/2025/03/27/Jqwogl3gBvEGXQzu5nHQ.jpg)
চীনৰ তিনিটা নিৰাপত্তা সংস্থাই পাকিস্তানত কৰিলে প্ৰৱেশ
ডিজিটেল ডেস্ক: চীনে প্ৰথমবাৰৰ বাবে পাকিস্তানত নিজৰ ব্যক্তিগত নিৰাপত্তা সংস্থা মোতায়ন কৰিছে। পাকিস্তানত চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (CPEC) প্ৰকল্পৰ সৈতে জড়িত চীনা অভিযন্তা আৰু শ্ৰমিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰিছে এই পদক্ষেপ। পাকিস্তানত নিৰাপত্তা প্ৰদানৰ বাবে নিজৰ তিনিটা প্ৰধান ব্যক্তিগত নিৰাপত্তা কোম্পানী - ডিউই ছিকিউৰিটি ফ্ৰন্টিয়াৰ চাৰ্ভিচ গ্ৰুপ, চাইনা অভাৰচিজ ছিকিউৰিটি গ্ৰুপ, আৰু হুয়াচিন ঝংছান ছিকিউৰিটি চাৰ্ভিচক চীনে নিযুক্তি দিছে। বৰ্তমান প্ৰায় ৩০ হাজাৰ চীনা নাগৰিকে পাকিস্তানত বিভিন্ন চিপিইচি প্ৰকল্পত কাম কৰি আছে।
বেলুচ সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু বৃদ্ধি পোৱা নিৰাপত্তাৰ খৰচ আৰু পাকিস্তানত বেলুচ লিবাৰেশ্যন আৰ্মি (বিএলএ)ৰ দৰে বিদ্ৰোহী গোটৰ দ্বাৰা চীনৰ নাগৰিকৰ ওপৰত শেহতীয়াকৈ হোৱা আক্ৰমণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চীনে। আনহাতে পাকিস্তানত ক্ৰমাৎ বৃদ্ধি পোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ মাজতে চীনে গ্ৰহণ কৰা এই সিদ্ধান্তই চৰ্চা লাভ কৰিছে।
উল্লেখযোগ্য যে, চীনে প্ৰথম পৰ্যায়ত সিন্ধ প্ৰদেশৰ দুটা চিপিইচি শক্তি প্ৰকল্পত ৬০ জন চীনৰ নিৰাপত্তাৰক্ষীক নিয়োগ কৰিছে। এইসকল নিৰাপত্তাৰক্ষীৰ কাম হ’ব চীনৰ নাগৰিকৰ সুৰক্ষাৰ বাবে পাকিস্তান সেনাৰ তত্বাৱধানত কাম কৰা। চীনৰ নিৰাপত্তা বাহিনী নিয়োগ সিন্ধ প্ৰদেশৰ থাৰ কয়লা ব্লকত প্ৰায় ৬৫০০ চীনা নাগৰিকে দুটা শক্তি প্ৰকল্পত কাম কৰি আছে। ইয়াত চীনৰ নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে যাতে চীনৰ নাগৰিকে বাহিৰৰ লোকৰ সৈতে কম যোগাযোগ কৰিব পাৰে আৰু তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিব পাৰে।